ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং আৰু নাগালেণ্ড সীমা মূৰীয়া এলেকাত বৃহৎ সংখ্যক সজীৱ গুলী সহ দুজন এনএছ চি এন (কে)ৰ কেডাৰ আটক হোৱা ঘটনাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কাৰবি আংলং আৰক্ষীৰ এক শীৰ্ষ সূত্ৰে জানিব পৰা অনুসৰি যোৱা মঙলবাৰে বছৰটোৰ শেষ দিনা পুৱাৰ ভাগত খটখটী থানা এলেকাধীন কাৰেগাঁও পহৰা চকীৰ বৰলেঙৰীৰ এজন লোকৰ পৰা মৌখিক খবৰ লাভ কৰি এনএছচিএন কেডাৰ দুজনক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷
এনএছচিএনৰ কেডাৰ দুজনে ম’বাইলযোগে ব্যৱসায়ীৰ পৰা ধনদাবী কৰি দাবী কৰা ধন নিবলৈ আহি থকাৰ সম্ভেদ পাই খটখটী থানাৰ অ’চি, আৰু কাৰেগাওঁ পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত থানাৰ ষ্টাফ আৰু বেটেলিয়্ন ষ্টাফক লৈ ঘটনাস্থলীলৈ আহি ঘটনাস্থলীৰ পৰা ৭’৬২ ৰাইফলৰ ১৯ জাঁই সজীৱ গুলী সহ দুজন এনএছচিএন কেডাৰক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত কেডাৰ দুটা ক্ৰমে,নাগালেণ্ডৰ জুনেবুট’ জিলাৰ থাকিয়া গাঁৱৰ ভিহ’ই মুৰুৰ পুত্ৰ পিট’ মুৰ'(৩৫) আৰু আনটো নাগালেণ্ডৰ পূব ডিমাপুৰৰ ইকৰাণি পথাৰৰ ভিহাছে ছুমিৰ পুত্ৰ আকিছে ছুমি(৩২) বুলি চিনাক্ত কৰা হৈছে ৷ উল্লেখ যোগ্য এনএছচি এনে দীৰ্ঘ দিনৰ পৰাই অসম – নাগালেণ্ড সীমা মূৰীয়া এলেকাত ধনদাবী আৰু ভাবুকি কাৰ্য চলাই আহিছে বুলি সততে অভিযোগ উত্থাপিত হৈ আহিছে ৷