
লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ’ব ১৫ খন ৰাজ্যৰ ৰাজ্যসভাৰ নিৰ্বাচন (Rajya Sabha elections)। দেশৰ ১৫ খন ৰাজ্যৰ (15 states) মুঠ ৫৬ খন আসনৰ (Total of 56 seats) বাবে ২৭ ফেব্ৰুৱাৰীত (February 27) অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন । সোমবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে এই সময়সূচী ঘোষণা কৰে ।
নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল পৰ্ব আৰম্ভ হ’ব ৮ ফেব্ৰুৱাৰীৰ পৰা । মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ ফেব্ৰুৱাৰী আৰু ১৬ ফেব্ৰুৱাৰীত মনোনয়ন পৰীক্ষা কৰা হ’ব । মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২০ ফেব্ৰুৱাৰী ।

নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, অহা ২৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু একেদিনাই সন্ধিয়া ৫ বজাত ভোটগণনা অনুষ্ঠিত হ’ব ।
উল্লেখ্য যে অহা ২ এপ্ৰিলত উত্তৰ প্ৰদেশৰ ১০ গৰাকী ৰাজ্যসভাৰ সাংসদে অৱসৰ গ্ৰহণ কৰিব । আনহাতে, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ পৰা ছয়গৰাকী, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ পৰা পাঁচগৰাকী, কৰ্ণাটক আৰু গুজৰাটৰ পৰা চাৰিগৰাকী, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা তিনিগৰাকী আৰু হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ পৰা এগৰাকীকৈ ৰাজ্যসভাৰ সাংসদে অৱসৰ গ্ৰহণ কৰিব । ইয়াৰ উপৰি অহা ৩ এপ্ৰিলত ওড়িশা আৰু ৰাজস্থানৰ পৰা তিনিগৰাকী সাংসদে অৱসৰ গ্ৰহণ কৰিব । এই আসনকেইখনৰ বাবে অহা ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব।











