ASSAM TIMES POST
নিউজ ডেক্স:
অহা ১৯ জুনত গুজৰাটত ৰাজ্যসভাৰ চাৰিখন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ মাৰ্চ মাহত এই নিৰ্বাচন হোৱাৰ কথা আছিল যদিও ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে পিছুৱাই দিব লগা হৈছিল৷ উল্লেখ্য যে গুজৰাট ৰাজ্যসভা নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছ দলত্যাগ কৰিছে দুজন বিধায়কে৷
এই দুয়োজন বিধায়কে বিধানসভাৰ অধ্যক্ষ ৰাজেন্দ্ৰ ত্ৰিবেদীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে মাৰ্চ মাহত আন পাঁচজন বিধায়কে পদত্যাগ কৰিছিল৷ এই দলত্যাগ ঘটনাই ৰাজ্যসভাৰ আসন জয়ী কৰাৰ ক্ষেত্ৰত বিজেপিৰ বিৰুদ্ধে দল ভাঙোনৰ অভিযোগ আনিছে কংগ্ৰেছে৷
ইপিনে, এই অভিযোগ নস্যাৎ কৰি গেৰুৱা শিবিৰৰ দাবী, দলৰ কাৰ্যকলাপত কংগ্ৰেছৰ বিধায়ক সুখী নহয়৷ সেয়ে দল এৰিছে৷ উল্লেখ্য যে গুজৰাট ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত এই লৈ মুঠ সাতগৰাকী বিধায়কে দলত্যাগ কৰিলে৷ প্ৰাপ্ত সংবাদ মতে বুধবাৰে তিনিগৰাকী কংগ্ৰেছ বিধায়কে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীক সাক্ষাৎ কৰে৷ তেতিয়াৰ পৰাই কংগ্ৰেছৰ দল ভঙাৰ আশংকা কৰা হৈছিল৷
অৱশেষত বৃহস্পতিবাৰে পুৱা ভাদোদৰাৰ কাৰজনৰ বিধায়ক অক্ষয় পেটেল আৰু ভালছাদৰ কাপৰাদাৰ বিধায়ক জিতু চৌধুৰীয়ে পদত্যাগ পত্ৰ জমা দিয়ে৷ এই প্ৰসংগত অধ্যক্ষ ৰাজেন্দ্ৰ ত্ৰিবেদীয়ে কয়, তেওঁলোকৰ পদত্যাগ পত্ৰ জমা দিয়া হৈছে৷ ইয়াৰ লগে লগে তেওঁলোকৰ বিধায়কৰ ক্ষমতাও হেৰাল৷ উল্লেখ্য যে গুজৰাট বিধানসভাত মুঠ ১৮২ গৰাকী বিধায়ক আছে৷ তাৰ ভিতৰত বিজেপিৰ ১০৩ আৰু কংগ্ৰেছৰ ৬৬ গৰাকী বিধায়ক আছে৷
বৰ্তমান চাৰিখন আসনৰ ভিতৰত তিনিখন বিজেপিৰ দখলত আছে৷ এইবাৰ বিজেপিয়ে তিনিখন আসনৰ বাবে প্ৰাৰ্থী দিছে৷ কংগ্ৰেছে দুখন আসনৰ বাবে প্ৰাৰ্থী দিছে৷ কিন্তু ইয়াৰ পাছত এগৰাকী বিধায়কে পদত্যাগ কৰাত দুখন আসনত নিজৰ প্ৰাৰ্থী জয়ী কৰোৱাত কংগ্ৰেছৰ বাবে কঠিন হৈ পৰিছে৷











