
বিজেপিয়ে (BJP) আপ চৰকাৰক পতন ঘটাবলৈ (Will bring down the AAP government) বিধায়ক কিনা-বেচাৰ চেষ্টা (Attempt to buy and sell MLAs) আৰম্ভ কৰাৰ অভিযোগ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱালৰ (Complaint by Arvind Kejriwal)। শনিবাৰে তেওঁ কয়, ‘‘আমাৰ দলৰ ৭ বিধায়কক দল ত্যাগৰ বাবে বিজেপিয়ে ২৫ কোটি টকাকৈ দিয়াৰ প্রস্তাৱ দিছে।’’
আনহাতে, টেলিফোনেত আপ বিধায়কসকলে বিজেপিয়ে দিয়া এই প্রস্তাৱ ৰেকৰ্ডিং কৰা বুলিও দাবী কৰে কেজৰীৱোলে। উল্লেখ্য যে ইয়াৰ পূৰ্বে কেজৰীৱালে মধ্যপ্রদেশ, মহাৰাষ্ট্রৰ দৰে ৰাজ্যত বিৰোধীৰ চৰকাৰ ভঙাক লৈও বিজেপিক দোষ দিছে।

তাৰ লগতে আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে ৰাজ্যই ৰাজ্যই ‘অপাৰেচন পদুম’ চলোৱাৰ বাবে বিপুল পৰিমাণৰ ধন বিজেপিয়ে ক’ৰ পৰা পাইছে বুলিও প্ৰশ্ন কৰে৷
উল্লেখ্য যে ৭০ খন আসনৰ দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতা সংখ্যা হৈছে ৩৬। আপেৰ বিধায়কৰ সংখ্যা হৈছে ৬২। আনহাতে, বিজেপিৰ মাত্র ৮। মাত্র সাতগৰাকী বিধায়কক ক্ৰয় কৰি বিজেপিয়ে কেনেদৰে চৰকাৰৰ পতন ঘটাব সেই সন্দৰ্ভত অৱশ্যে ব্যাখ্যা আগবঢ়োৱা নাই কেজৰীৱালে।











