অসম ভ্ৰমণৰ দ্বিতীয়দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah visits Assam) শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত তেজপুৰত সশস্ত্ৰ সীমা বলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অমিত শ্বাহে।
তাৰ পৰা তেওঁ ঠেলামৰাত অনুষ্ঠিত বাথৌ মহাসভাৰ অধিবেশনত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰীয়ে। তেওঁক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পৰা পোনে পোনে আহি গৃহমন্ত্ৰীয়ে সৰুসজাই ষ্টেডিয়ামত আয়োজিত 2,551 গৰাকী অসম আৰক্ষী কমাণ্ডোৰ পাছিং আউট পেৰেডত (Passing out parade of Assam Police Commando) অংশগ্ৰহণ কৰি অভিবাদন গ্ৰহণ কৰে৷ তেওঁৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত গৃহমন্ত্ৰীয়ে কলাক্ষেত্ৰলৈ ৰাওনা হয়। তাত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি অমিত শ্বাহে লাচিত বৰফুকনৰ ওপৰত ৰচিত গ্ৰন্থ (Book on Lachit Borphukan) ‘অসমৰ সাহসী লাচিত বৰফুকন’ উন্মোচন (Assam’s brave Lachit Borphukan unveiled) কৰে৷ লগতে তেওঁ ব্ৰহ্মপুত্ৰ নদীমুখ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰো উদ্বোধন কৰে। উল্লেখযোগ্য যে লাচিত বৰফুকনৰ ওপৰত এই গ্ৰন্থখন ভাৰতৰ স্বীকৃত মুঠ ২৪টা ভাষাত প্ৰণয়ন কৰা হৈছে।