কিছুদিনৰ বিৰতিৰ পিছত বুধবাৰৰ পৰা পুনৰ উত্তপ্ত হৈছে মণিপুৰ(Manipur Violence) । কুকিসকলে বিষ্ণুপুৰৰ মেইটেই গাঁৱত প্ৰৱেশ কৰি অতৰ্কিতে গুলীচালনা কৰি ৪ জন লোকক হত্যাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে, মেইটেইসকলে পুনৰ সংৰক্ষিত বেটেলিয়নৰ ওপৰত আক্ৰমণ কৰি তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ লুটৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে।
তাৰ মাজতে বৃহস্পতিবাৰে নিশা থৌবালত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংঘটিত গুলীচালনাত আহত হয় বিএছএফৰ এএছআই শ্বোভৰাম সিং, এএছআই ৰামজী আৰু কনিষ্টবল গৌৰৱ কুমাৰ। থৌবালত থকা ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰত আক্ৰমণ কৰি অস্ত্ৰ-শস্ত্ৰ লুট কৰাৰো চেষ্টা কৰা হয়। যাৰ বাবে নিশা ইম্ফলত উপস্থিত হয় বায়ুসেনাৰ হেলিকপ্টাৰ।
সূত্ৰ অনুসৰি, বিষ্ণুপুৰ আৰু কাংচুপত কমেও চাৰিজন মেইটেই সম্প্ৰদায়ৰ লোকৰ মৃত্যু হয়। আহত হয় আন ৭ জন। বৃহস্পতিবাৰে বিয়লি বিষ্ণুপুৰ জিলা আৰু কুকি প্ৰধান চুৰাচান্দপুৰ জিলাৰ সীমান্তৰ সমীপৱৰ্তী নিংথৌখং খা খুনৌ নামৰ মেইটেই গাঁৱত কুকি উগ্ৰপন্থীয়ে আক্ৰমণ কৰে।
পিছত খা খুনাউ জলাশয়ৰ সমীপত ওইনাম আহোংজাও সিং, পুত্ৰ মণিতোম্বা সিং আৰু থায়াম সোমেন সিঙৰ মৃতদেহ উদ্ধাৰ হয়। নিৰুদ্দেশ হৈছে নিংথৌজাম নবদ্বীপ নামৰ এজন ব্যক্তি। পশ্চিম ইম্ফলৰ কাংচুপত যোৱানিশা কুকিৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় এজন গাঁওৰক্ষী।
ইফালে ৰাজ্যিক নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে কয় যে ম্যানমাৰৰ পৰা উগ্ৰপন্থী বা জনপ্ৰতিৰক্ষা বাহিনীৰ সদস্যই অঞ্চলটোত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে যদিও কোনো প্ৰমাণ পোৱা হোৱা নাই।