
সোমবাৰে পুৱা ৯ মান বজাত ডিফুৰ ঐতিহ্যবাহী ডিফু ক্লাৱ (Diphu Club)ত হেঁপাহৰ ভোগালী বিহু (Bhogali Bihu) উৎসৱটি উলহ-মালহেৰে উদযাপন কৰাহ হয়৷ ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত ২০০২ চনৰ পৰাই ডিফু ক্লাৱত কেন্দ্ৰীয় ভাবে বিহু উদযাপন কৰি অহা হৈছে৷ পুৱাৰ ভাগত ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ সভাপতি দিলীপ দাসে ভোগালী বিহুৰ পতাকা উত্তোলন কৰা হয়৷

ইয়াৰ পিছত ডিফু চহৰৰ বিহু বলীয়া ৰাইজ, জ্যেষ্ঠ নাগৰিকসকলে মেজিত সেৱা জ্বলাই মেজি প্ৰজ্লন কৰি সমাজৰ অসূয়া বিপত্তি দূৰীকৰণৰ বাবে অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা কৰে৷ মেজি প্ৰজলনৰ পিছত সকলোৱে সমজুৱাকৈ ভোগালী জলপান কৰি ইজনে সিজনৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে খেল-ধেমালি অনুষ্ঠিত হয় ৷












