আঘোণৰ নৰা গছকি অহা মাঘৰ আজি উৰুকা (Maghar Uruka)। ভোগৰ ভোগজৰাটি লৈ পুনৰ আহিছে হেঁপাহৰ ভোগালী। পুহৰ নিহালিখন কাটি কৰি ঠেঁটুৱৈ লগা জাৰকো আওকাণ কৰি এতিয়া প্ৰতিগৰাকী অসমীয়া ব্যস্ত ভোগৰ ভোগথালখন প্ৰস্তুত কৰাত ব্যস্ত।
হয়, অসম আৰু অসমীয়াৰ চহকী পৰম্পৰাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে তিনিটা বিহু (Bihu)। তাৰে ভিতৰত মাঘ বিহু (Magh Bihu) হৈছে অতি উল্লেখনীয়। সাধাৰণতে চহাপ্ৰাণৰ সোণগুটি সদৃশ শস্য চপোৱাৰ আনন্দ-উলাহত প্ৰাপ্তিৰ এক অনন্য উৎসৱ হৈছে মাঘ বিহু। মাঘ বিহুৰ পৱিত্ৰ দোমাহীৰ আগদিনাক কোৱা হয় উৰুকা।
ই উৰুকাৰ আছে এক বিশেষ তাৎপৰ্য। পথাৰত ভেলাঘৰ (Velaghar) আৰু মেজি (Mage) নিৰ্মাণ কৰি গঞাই লগে-ভাগে এসাঁজ খোৱাটো এটা পৰম্পৰা। ইয়াৰ দ্বাৰা পথাৰৰ লগত সম্পৃক্ত চহা জীৱন আৰু ভাতৃত্ববোধৰ প্ৰকাশ পায়। আনহাতে, বিহুৰ দিনা পুৱাতে অগ্নি দেৱতাক প্ৰণাম জনাই মেজিত অগ্নিসংযোগ কৰা হয়। এই মেজিৰ জুইৰ লগত যেন সকলো অপায়-অমংগল পুৰি ছাই হৈ যায় তাৰেই এক প্ৰতীকী অৰ্থ। আনহাতে, পুহৰ শীতক পুৰি এক নতুন ঋতুৰ আগমনৰ বার্তাও ইয়াত লুকাই থাকে।
অসমীয়া গ্ৰাম্য জীৱন বিভিন্ন ব্যঞ্জন উপকৰণেৰে ভৰি আছে। মাঘ বিহুত তাৰ প্ৰকাশ পায়। বিধে বিধে লাড়ু, পিঠা, জলপান; চুঙা পিঠা, দৈ; মাছ, মাংস আদি কি নাথাকে এই ভোগৰ উৎসৱত। ধনী-দুখীয়া সকলোৱে মিলি উদৰ পূৰাই এসাঁজ খোৱাৰ এক অনাবিল আনন্দ এই ভোগালী বিহু।
অৱশ্যে সময়ৰ অগ্ৰগামী গতিত আমাৰ পৰম্পৰা, সংস্কৃতি আদিয়েও ৰূপ সলাইছে। এয়া এক অৱধাৰিত প্ৰক্ৰিয়া। কিন্তু সময়ৰ সোঁতত যাতে আমাৰ চহকী পৰম্পৰা, সংস্কৃতি, ৰীতি-নীতি আদি উটি যাব নোৱাৰে তাৰ বাবে সচেষ্ট হ’ব লাগিব। তেতিয়াহে আমি আমাৰ পৰম্পৰাক লৈ গৌৰৱ কৰিব পাৰিম।
এই মাঘৰ মাহটো হওক অসমীয়া জাতি আৰু জনজীৱনৰ ভৱিষ্যত গঢ়াৰ এক ভিত্তি বৰ্ষ, তাৰেই কামনাৰে সকলোকে মাঘ বিহু তথা উৰুকাৰ শুভেচ্ছা জনালোঁ।