ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

News Desk by News Desk
May 5, 2026
Reading Time: 1 min read
A A
0
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়

PM Modi I বিজেপিয়ে বংগলৈ উন্নয়নৰ জোৱাৰ কঢ়িয়াই আনিব; পশ্চিমবংগৰ ৰাজপাট দখল কৰি প্ৰধানমন্ত্ৰী

সোমবাৰে বিয়লি নিৰ্বাচনৰ ফলাফল মোটামুটি স্পষ্ট হৈ পৰাৰ পিছতে মানুহৰ মাজত কৌতুহলৰ সৃষ্টি হয় যে মমতা বেনাৰ্জীয়ে (Mamta Banerjee) কেতিয়া পদত্যাগ (Resignation) কৰিব। কাৰণ সেইটোৱেই প্ৰথা। মমতাৰ পূর্বে গাদী হেৰুওৱা মুখ্যমন্ত্রীসকলেও একেই কাম কৰিছে৷ দৰাচলতে সোমবাৰে নিশা মমতাই যেতিয়া সাখাৱট স্মৃতিসৌধৰ পৰা ওলাই যায় তেতিয়া বহুতে ভাবিছিল যে তেওঁ লোকভৱনলৈ গৈ পদত্যাগ-পত্ৰ ৰাজ্যপালৰ ওচৰত দাখিল কৰিব। কিন্তু মমতাৰ কনভয় কালিঘাটৰ ঘৰলৈ যোৱাৰ পথত ৰাওনা হয়। কৌতুহল তেতিয়াও আছিল। কিন্তু মঙলবাৰে দুপৰীয়া মমতাই পোনপটীয়াকৈ ঘোষণা কৰে যে তেওঁ পদত্যাগ নকৰে (Does not resign)। কাৰণ তেওঁ পৰাস্ত যোৱা নাই। গতিকে লোকভৱনলৈ যোৱাৰ কোনো প্ৰশ্নই নাই। মমতাই কয়, “মই কিয় পদত্যাগ কৰিম? আমি পৰাজিত হোৱা নাই। ভোটবোৰ জোৰকৈ চুৰি হৈছে। পদত্যাগৰ প্ৰশ্নটো ক’ৰ পৰা আহিছে?”

mama | ASSAM TIMES POST
মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই

কিন্তু মমতাই আনুষ্ঠানিকভাৱে পদত্যাগ নকৰিলে কি হ’ব? সংবিধানৰ নিয়মে কি কয়?

এনে পৰিস্থিতিৰ বিষয়ে সংবিধানত বিশেষভাৱে কোনো কথা উল্লেখ কৰা হোৱা নাই। কাৰণ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালৰ ওচৰত পদত্যাগ নকৰা পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি কোনেও ভবা নাছিল। অৱশ্যে সাংবিধানিক বিশেষজ্ঞসকলে কেইবাটাও ধাৰণা লৈ কথা পাতিছে। যিটো আগতে কোনোবা ৰাজ্যত ঘটিছে। কিন্তু বিদায়ী মুখ্যমন্ত্রীয়ে নির্বাচনত পৰাস্ত হোৱাৰ পাছতো পদত্যাগ নকৰাৰ কোনো নজিৰ দেশত নাই৷ ফলত মমতাই যদি অৱশেষত পদত্যাগ নকৰে তেন্তে ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ইতিহাসত এক নতুন নজিৰৰ সৃষ্টি হ’ব।

অহা ৭ মে’ বৃহস্পতিবাৰে পশ্চিমবংগ বিধানসভাৰ কাৰ্যকাল সমাপ্ত হ’ব। তেওঁ পদত্যাগ নকৰিলে সেইদিনালৈকে মমতা আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থাকিব। কিন্তু ৭ তাৰিখৰ পিছত আৰু তেওঁৰ হাতত মুখ্যমন্ত্ৰীৰ পদ নাথাকিব। পদত্যাগ নকৰিলেও তেওঁৰ নামৰ আগত সংযোজন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী। বিদায়ী মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত পৰাস্ত হৈ ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ কৰাটো কোনো ‘নিয়ম’ নহয়। সাধাৰণতে এইটো এটা প্ৰথা, পৰম্পৰা বা সাংবিধানিক শিষ্টাচাৰ। উদাহৰণস্বৰূপে, ১৫ বছৰ আগতে ২০১১ চনৰ ১৩ মে’ত দুপৰীয়া প্ৰায় ১ বজাত নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ পিছত তদানীন্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই ৰাজভৱনলৈ গৈ তদানীন্তন ৰাজ্যপাল গোপালকৃষ্ণ গান্ধীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিছিল। কেৱল সেয়াই নহয়, ৰাজভৱনত চৰকাৰী গাড়ীখন এৰি আলিমুদ্দিন ষ্ট্ৰীটৰ দলৰ কার্যালয়লৈও দলৰ গাড়ীত উঠি গৈছিল৷

নতুন চৰকাৰ গঠন কৰিব বিজেপিয়ে। কিন্তু মঙলবাৰে বিয়লিলৈকে চৰকাৰে কেতিয়া শপত গ্ৰহণ কৰিব সেই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। অৱশ্যে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পৰা এটা ইংগিত পোৱা গৈছিল যে ৰবীন্দ্ৰ জয়ন্তী অৰ্থাৎ ৯ তাৰিখ শনিবাৰে বিজেপিয়ে শপত গ্ৰহণ কৰিব পাৰে। ৰাজ্যিক বিজেপিতো বিভিন্ন সূত্ৰৰ পৰাও একেধৰণৰ ইংগিত পোৱা গৈছে।

Tags: MamtaBanerjee
Share4Tweet3Send

Related Posts

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে
National-International

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

by News Desk
May 5, 2026
50
West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়
National-International

West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়

by News Desk
May 5, 2026
50
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

PM Modi I বিজেপিয়ে বংগলৈ উন্নয়নৰ জোৱাৰ কঢ়িয়াই আনিব; পশ্চিমবংগৰ ৰাজপাট দখল কৰি প্ৰধানমন্ত্ৰী

by Staff Reporter
May 5, 2026
50
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

by Staff Reporter
May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

by News Desk
May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

by News Desk
May 4, 2026
50
ADVERTISEMENT
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026
50
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?
National-International

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

May 5, 2026
50
WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে
National-International

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

May 5, 2026
50
West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়
National-International

West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়

May 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

May 5, 2026
WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

May 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx