ভোগ আৰু ঐশ্বৰ্য সম্ভাৰৰ বতৰা লৈ পুনৰ আহিছে ভোগালী (Bhogalir Bihu)। আঘোণৰ পকা নৰা গছকি পুহৰ জাৰ কাটি মাঘৰ আগমনৰ প্ৰাকক্ষণত ভোগালী বিহুৰ পৰম্পৰাই চিৰ সেউজ অসমীয়া সংস্কৃতিৰ ৰহণ চৰায়। আজি হৈছে মাঘ বিহুৰ উৰুকা।

মাঘ বিহুৰ উৰুকা মানেই ভোগৰ সম্ভাৰ। আত্মীয়-স্বজন, লগ-সমনীয়া, ওচৰ-চুবুৰীয়াই একেলগে এসাঁজ খোৱাৰ পৰম্পৰা।
পথাৰৰ লখিমী ভঁৰালত থিতাপি লোৱাৰ আনন্দৰ উৎসৱ হৈছে মাঘ বিহু। সেয়ে মাঘৰ উৰুকাত, হাঁহে-মাহে, ছাগলীয়ে-গাহৰিয়ে উদৰ পূৰাই এসাঁজ খোৱাৰ উৎসৱ। লগতে থাকিব আৰি, চিতল, ৰৌ, ভকুৱা, বৰালিকে ধৰি বিধে বিধে ডাঙৰ ডাঙৰ মাছ।
আৰু পিঠা-পনা? সেয়াতো ক’বই নালাগে। অসমীয়া সংস্কৃতিক চহকী কৰা অসমীয়া জলপান বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে। চুঙা পিঠা, তিল পিঠা, তেল পিঠাকে আদি কৰি বিভিন্ন পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ুকে আদি কৰি বিধে বিধে পিঠা-লাড়ুৰে ভোগালীৰ ভোগ বিয়পি পৰে।
অৱশ্যে তাহানিৰ দৰে বৰ্তমানৰ যুগত ভোগালী বিহুৰ স্বকীয়তা কিছু সলনি হৈছে। অৱশ্যে এয়া কিছু ক্ষেত্ৰত পৰিৱৰ্তিত সময়ৰ দাবী বুলিও ক’ব পাৰি। কিন্তু যিয়েই নহওক, আমি আমাৰ পৰম্পৰা আৰু ৰীতি-নীতিবোৰ যিমান পাৰি নিভাঁজ ৰূপত সংৰক্ষণ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে, যাতে নৱ প্ৰজন্মই এই সংস্কৃতিৰ সুবাস শুদ্ধ ৰূপত পাব পাৰে।
আজি হাট-বজাৰ, পথাৰ-পাকঘৰ সকলোতে ভীষণ ব্যস্ততা। নিশা সকলোৱে মহাভোজ গ্ৰহণৰ পিছত পুৱতি নিশা অগ্নি দেৱতাৰ পূজা হিচাপে মেজি জ্বলাই সকলো অসূয়া-অপ্ৰীতি দূৰ কৰাৰ বাবে প্ৰাৰ্থনা জনোৱা হ’ব। ডাঙৰজনৰ আশীৰ্বাদ লৈ বিভিন্ন লাড়ু-পিঠা-জলপানৰ সোৱাদ লোৱা হ’ব। ইজনে সিজনক শুভেচ্ছা জনোৱা হ’ব।
এই ছেগতে আমিও আছাম টাইমছ পোষ্টৰ সমূহ দৰ্শকৰ লগতে অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মেজিৰ জুইৰ তাপত ঠন ধৰি উঠক অসমীয়া জাতি, তাৰেই কামনা কৰিলোঁ।