সম্পাদকীয়
আজি মাঘ বিহুৰ উৰুকা। ভোগ আৰু প্ৰাচুৰ্যৰ বাবে এই বিহু ভোগালী বিহু। চহা মনৰ ফচল প্ৰাপ্তিৰ আনন্দই হৈছে ভোগৰ উৎসৱ ভোগালী। য’ত নিৰন্নজনৰো পাতত থাকে ভোগৰ সম্ভাৰ। পোৱা-নোপোৱাৰ আশাত বন্দী হৈ কৰা খেতিৰ ফচল চপোৱাৰ আনন্দ আৰু উপভোগৰ উৎসৱেই হৈছে ভোগালী বিহু। ধনী-দুখীয়া সকলোৱে মিলি এসাঁজ উদৰ পূৰাই খোৱাৰ আনন্দই হৈছে ভোগালী বিহু।
কেৱল যে ভোগৰ বাবেই ভোগালী, তেনে নহয়। মাঘ বিহুৰ আছে এক অন্তৰ্নিহিত তাৎপৰ্যও। ভেলাঘৰত লগভাত খোৱাৰ পৰা মেজিৰ জুইৰ উম লোৱালৈকে, প্ৰতিটোতে আছে পৰম্পৰা, আচাৰ-ব্যৱহাৰ, সামাজিক বাৰ্তা।
বিবিধ জলপান, পিঠা-পনা, লাড়ু-চিৰা আদিয়ে সোঁৱৰাই দিয়ে আমাৰ খাদ্যাভ্যাসৰ মেটমৰা সম্ভাৰৰ কথা। নিশা লগভাত খাই পুৱা মেজি জ্বলাই কৰা হয় অসূয়া-অমংগল নাশৰ কামনা। মেজিৰ জুইত যেন ছাই হৈ যায় আমাৰ মনৰ কলুষতা। জ্যেষ্ঠজনক সেৱা কৰা আৰু কনিষ্ঠজনক উপহাৰ প্ৰদানেৰে উপচি পৰে আমাৰ মৰম আৰু ভালপোৱাৰ চানেকি।
পৰিৱৰ্তিত সময়ৰ ধামখুমীয়াত আমাৰ উৎসৱ-পার্বণবোৰলৈও বহু পৰিবৰ্তন আহিল। তাৰ পৰা বাদ পৰা নাই বিহুও। কিন্তু তথাপি অসমীয়া ৰাইজে ভোগালীক আদৰিব বিচাৰে পৰম্পৰাৰ মাজতে। নতুনৰ মাজতো পুৰণিৰ অন্বেষণ, পৰিবৰ্তনৰ মাজতো স্বকীয়তাৰ সন্ধান। সেয়ে হয়তো আজিৰ এই যান্ত্ৰিক জগতত চহৰ-নগৰতো ভোগালীৰ ভোগজৰা।
“সদৌটিলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।”