ASSAM TIMES POST
ডিফুঃ নামৰূপত কাৰবি আংলঙৰ এজন যুৱককে ধৰি অস্ত্ৰ-শস্ত্ৰ সহ ৩ দুৰ্ধৰ্ষআলফা কেডাৰ আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ সূত্ৰে জানিব পৰা অনুসৰি শুকুৰবাৰে গভীৰ নিশা সেনাৰ ২৪৪ ফিল্ড ৰেজিমেণ্টে ডিব্ৰুগড় জিলাৰ নামৰূপৰ সোণাৰি তিনিআলিৰ পৰা অস্ত্ৰ-শস্ত্ৰ সহ যুৱক আলফা সদস্য তিনিজনক আটক কৰিবলৈ সক্ষম হয়৷
ধৃত সদস্য কেইজনৰ কৱলৰ পৰা সেনাই এটা .২২ পিষ্টল, ২ জাঁই সজীৱ গুলী, ২খন আলফাৰ পতাকা আৰু তিনিটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ সূত্ৰটোৰ অনুসৰি আজি আলফা সদস্য তিনিজনক নামৰূপ আৰক্ষীৰ হাতত চমজাই দি সেনাৰ তৰফৰ পৰা এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰা হয়৷
সেনাৰ এজাহাৰৰ ভিত্তিত নামৰূপ থানাত ১৫৯/২০১৯ নম্বৰত গোছৰ ৰুজো দি ভাংঃদঃবিঃ আইনৰ ধাৰা ১২০(B), ১২১/১২২/৩৮৪/৩৮৭ আৰু অস্ত্ৰ আইনৰ W/R sec ২৫(I)(A)লগতে R/W sec১০/১৩U/A(p) অধীনত তদন্ত আৰম্ভ কৰি ধৃত সদস্য তিনিজনক জেৰা অব্যাহত ৰাখিছে৷ ধৃত আলফা (স্বাধীন)ৰ সদস্য তিনিজন ক্ৰমে, ডিব্ৰুগড় জিলা খোৱাঙ ৰৌমাৰী গাঁৱৰ তুলসী সোণোৱালৰ পুত্ৰ ৰাণ্টু সোণোৱাল ওৰফে মাইনা (২৫), ডিব্ৰুগড় জিলাৰ নাহকটীয়াৰ কাৱৈজানৰ হেমন্ত চিৰিঙ্গীয়াৰ পুত্ৰ বিদ্যুত চিৰিঙ্গীয়া ওৰফে মাইনা(১৯) আৰু আনজন কাৰবি আংলং জিলাৰ হাওৰাঘাট ভেলৌগুৰিৰ যতীন বৰাৰ পুত্ৰ জিষু বৰা (২৭) বুলি চিনাক্ত কৰা হৈছে৷