ASSAM TIMES POST
নিউজ ডেক্সঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিক্ষোভ কৰাৰ অপৰাধত মাদ্ৰাজ আই আই টিৰ ছাত্ৰ জেকব লিণ্ডেনথালক ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল৷ ইতিমধ্যে ছাত্ৰজনে ভাৰত ত্যাগ কৰি নিজ দেশলৈ ওভতি গৈছে৷ কিন্তু জাৰ্মানীৰ বিভিন্ন চহৰত এই কাণ্ডক লৈ মোডী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পৰিকল্পনা কৰিছে প্ৰবাসী ভাৰতীয়সকলে৷ ইতিমধ্যে জাৰ্মানীৰ বিভিন্ন চহৰত ইয়াকে লৈ প্ৰতিবাদ-বিক্ষোভ আৰম্ভ হৈছে৷ বাৰ্লিনত দুখনকৈ প্ৰতিবাদী সভা অনুষ্ঠিত হৈছে৷ তদুপৰি বিভিন্ন শ্ল’গান আৰু সমদল বাহিৰ কৰি প্ৰতিবাদ তীব্ৰ কৰি তুলিছে৷ ইয়াৰ লগতে প’ষ্টাৰ মৰা পৰিলক্ষিত হৈছে৷ আনহাতে হামবাৰ্গ, এৰফুৰ্টতো প্ৰতিবাদৰ জোৱাৰ উঠিছে৷












