নিয়ন্ত্ৰণ হেৰুৱাই মালবাহী গাড়ীত খুন্দা (Crash into a cargo car and Bus) মাৰে এখন বাছে। তাৰ পিছতে দাউদাউকৈ জ্বলি উঠে বাছখন (bus burns)। ফলত বাছখনৰ ভিতৰত থকা ১৩ জন যাত্ৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু (13 passengers charred to death) হয়। বুধবাৰে নিশা মধ্যপ্ৰদেশৰ গুনাত (In Guna, Madhya Pradesh) সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, এই ঘটনাত কমেও ১৭ জন যাত্ৰী আহত হৈছে। বৰ্তমান তেওঁলোক জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, বুধবাৰে নিশা গুনা-আৰাণ পথত বাছখনে এখন মালবাহী গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষৰ তীব্ৰতা ইমানেই বেছি আছিল যে লগে লগে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে।
পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী-প্ৰশাসনিক বিষয়া। জিলা দণ্ডাধীশ তৰুণ ৰাথীও উপস্থিত হয়।
জিলা দণ্ডাধীশে জনোৱা মতে, আহত যাত্ৰীসকল বিপদমুক্ত। লগতে তেওঁ কয় যে মৃত যাত্ৰীসকলৰ মৃতদেহ বেয়াকৈ দগ্ধ হোৱা বাবে ডি এন এ পৰীক্ষা কৰি চিনাক্তকৰণ কৰা হ’ব। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণৰ তদন্ত কৰা হ’ব বুলি জিলা দণ্ডাধীশে জানিবলৈ দিয়ে। আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই পিটিআইক জনোৱা মতে, দুৰ্ঘটনাৰ সময়ত বাছখনত মুঠ ৩০ জন যাত্ৰী আছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে। লগতে মৃতকৰ পৰিয়ালক ৪ লাখ টকা আৰু আহত পৰিয়ালক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে।