ASSAM TIMES POST
নিউজ ডেস্ক: ৰাজস্থানৰ পাঁচখন মহানগৰত উষ্ণতা শূন্য ডিগ্ৰীৰ তল পাইছেগৈ৷ বতৰ বিজ্ঞান বিভাগে এই তথ্য সদৰি কৰিছে৷ বিভাগটোৰ মতে ফাটেহপুৰত -৩ ডিগ্ৰী চেলচিয়াচ, জ’বনাৰত -২ ডিগ্ৰী চেলচিয়াচ, আবুত -১.৫ ডিগ্ৰী চেলচিয়াচ, ছিকাৰত -০.৮ ডিগ্ৰী চেলচিয়াচ আৰু চুৰুত -৬ ডিগ্ৰী চেলচিয়াচ৷ আনহাতে কেইখনমান মহানগৰত উষ্ণতা ৫ ডিগ্ৰী চেলচিয়াচৰ কম৷ সেই মহানগৰকেইখন হ’ল পিলালিত ৪ ডিগ্ৰী চেলচিয়াচ, ৰাজছামাবাদত ১.৪ ডিগ্ৰী চেলচিয়াচ, গংগানগৰত ১.৪ ডিগ্ৰী চেলচিয়াচ, আলৱাৰত ২ ডিগ্ৰী চেলচিয়াচ, উদয়পুৰত ৩.২ ডিগ্ৰী চেলচিয়াচ, জয়পুৰত ৪ ডিগ্ৰী চেলচিয়াচ আৰু ৰামগঞ্জমাণ্ডিত ৪ ডিগ্ৰী চেলচিয়াচ হৈছেগৈ৷ উল্লেখ্য যে যোৱা পাঁচ বছৰৰ ভিতৰত এইবাৰ জয়পুৰ হ’ল সৰ্বাধিক ঠাণ্ডা মাহ৷












