ASSAM TIMES POST
নিউজ ডেস্ক: ২০১৭ চনৰ কমনৱেলথ গেমছত ৰূপৰ পদক জয়ী ভাৰ উত্তোলক সীমাক ড’পিঙৰ বাবে চাৰি বছৰলৈ নিষেধাজ্ঞা জাৰি কৰিছে৷ ৰাষ্ট্ৰীয় এণ্টি ড’পিং এজেঞ্চিয়ে এই নিষেধাজ্ঞা জাৰি কৰিছে৷ ৰাষ্ট্ৰীয় এণ্টি ড’পিং এজেঞ্চিৰ এক বিবৃতিত প্ৰকাশ যে ৩৪ সংখ্যক মহিলা ৰাষ্ট্ৰীয় ভাৰ উত্তোলন প্ৰতিযোগিতাত সীমাৰ ছেম্প’ল সংগ্ৰহ কৰিছিল৷ এই প্ৰতিযোগিতা বিপাশাপত্তমত অনুষ্ঠিত হৈছিল৷ ইয়াৰ পূৰ্বে এণ্টি ড’পিং ডিচিপ্লেনেৰী পেনেলে ড্ৰাগছ সেৱনৰ বাবে ভাৰ উত্তোলকগৰাকীক চাৰি বছৰৰ নিষেধাজ্ঞা জাৰি কৰিছিল৷












