বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ (Jammu Kashmir Terrorist Attack) পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমান্তত সেনাৰ ট্ৰাকত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত আন এজন সেনা নিহত হয় । যাৰ বাবে এই হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পালে । উল্লেখ্য যে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪.৪৫ বজাত ৰাজৌৰীৰ ডেৰা কি গলি অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত এখন জীপ আৰু ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ এখন ট্ৰাকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হয় ।
সেনা সূত্ৰই জনোৱা মতে, সন্ত্ৰাসবাদীয়ে স্বয়ংক্ৰিয় ৰাইফল আৰু গ্ৰেনেড লঞ্চাৰেৰে আক্ৰমণ কৰিছিল । পিছত লস্কৰ-ই-তৈবাৰ এটা শাখা পিপলছ এণ্টি-ফেচিষ্ট ফ্ৰণ্টে (পিএএফএফ) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে । উল্লেখ্য যে সেনাই বুধবাৰে নিশা ডেৰা কি গলিত এক অভিযান আৰম্ভ কৰে ।
ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানসকলে সেই অভিযানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল । দুয়োখন বাহন চুৰানকোট আৰক্ষী থানাৰ অন্তৰ্গত বাফ্লিয়াজৰ পৰা ৰাজৌৰীলৈ গৈ আছিল । বাফ্লিয়াজ আৰু ডেৰা কি গলিৰ মাজৰ পাহাৰীয়া অঞ্চলত থকা গভীৰ অৰণ্যৰ সুযোগ লয় সন্ত্ৰাসবাদীয়ে । টোপা পীৰ অঞ্চলৰ ওচৰৰ এটা ঠেক পাহাৰীয়া পথৰ মুখত এখন সেনাৰ জীপ আৰু ট্ৰাকৰ ওপৰত আক্ৰমণ কৰা হয় ।
পথ ভাঁজত গাড়ীখনৰ গতি লেহেম হোৱাৰ লগে লগে গুলী আৰু গ্ৰেনেডৰ আক্ৰমণ আৰম্ভ হয় ।
আনহাতে, আক্ৰমণৰ পিছতে পুঞ্চৰ এছএছপি বিনয় শৰ্মাকে ধৰি জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনা বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । প্ৰকাশ পোৱা এটা ভিডিঅ’টোত ৰাস্তাত তেজ পৰি থকা দেখা যায় । ইয়াৰ উপৰি সেনা জোৱানসকলৰ ভঙা হেলমেটো প্ৰত্যক্ষ কৰা গৈছে ।
লগতে সেনাৰ বাহনখনৰ আইনাও ভাঙি যায় । আক্ৰমণত ঘটনাস্থলীতে তিনিজন জোৱান নিহত হয় । আনহাতে, আন চাৰিজন আহত হয় । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত তাতেই আৰু এজনৰ মৃত্যু হয় । সূত্ৰ অনুসৰি, শুকুৰবাৰে পুৱতি নিশা আঘাতপ্ৰাপ্ত আন এজন জোৱানে মৃত্যুবৰণ কৰে ।