ASSAM TIMES POST
ডিফুঃকাৰবি আংলঙ জিলাৰ মাঞ্জাত অস্ত্ৰ-শস্ত্ৰ সহ এজন দূৰ্ধৰ্ষ কেডাৰ আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীৰ সূত্ৰে খবৰ অনুসৰি এটি গোপন সূত্ৰৰ পম খেদি মাঞ্জা আৰু ধনশিৰি অ’চিৰ নেতৃত্বত বেটেলিয়ান আৰু চিআৰপিএফ ২১০ ‘কোব্ৰা’ৰ এটি দলে যুটীয়া অভিযান চলাই ডিফুৰ নাতিদূৰৈৰৰ ধনশিৰিৰ খেৰবাৰী এলেকাৰ পৰা উগ্ৰপন্থী সংগঠন ডিএনএলৰ এজন দূৰ্ধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম হয়৷

দূৰ্ধৰ্ষ কেডাৰজনৰ কৱলৰ পৰা এটা .২২ পিষ্টল আৰু ৫জাঁই সজীৱ গুলী আৰু এটা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত কেডাৰজন ধনশিৰিৰ ভেটা গাঁও নিবাসী কণ্ঠেশ্বৰ ডিফুছাৰ পুত্ৰ ইনুছ ডিফুছা (৩৭) বুলি চিনাক্ত কৰা হৈছে৷ উল্লেখযোগ্য যে, মাঞ্জা নগৰৰ অজয় গুপ্তা নামৰ এজন ব্যৱসায়ীক ডিএনএলএৰ তৰফৰ পৰা ধনদাবী কৰি অহা হৈছিল আৰু সেই অনুসৰি ধন নাপাই উগ্ৰপন্থী সংগঠনটোৰ কেডাৰে ব্যৱসায়ীজনৰ দোকানৰ বাৰন্দাত যোৱা 3 অক্টোবৰত গ্ৰেণেড নিক্ষেপ কৰিছিল যদিও সৌভাগ্যক্ৰমে, গ্ৰেণেডটো বিষ্ফোৰণ হোৱা নাছিল৷

এই সন্দৰ্ভত এজাহাৰৰ ভিত্তিত মাঞ্জা থানাত ২৮/১৯ নম্বৰত এক গোছৰ ৰুজোদি মাঞ্জা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু গোছৰটোৰ সৈতে জড়িত ডিএনএলএ কেডাৰ আৰু লিংকমেন সহ এই পৰ্যন্ত ৬জনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ বৰ্তমানলৈকে সংগঠনটোৰ আটক হোৱা সদস্য সকল ক্ৰমে, সুৰজিত দাস, জমিৰ আহমেদ, ছনু ফংল’, ছুম হোজাই, জিমি চাক চুৱেক আৰু ইনুছ ডিফুছা৷ অধিক তথ্যৰ বাবে ধৃত সদস্যজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷













