বলীউডৰ ছবি “গলী বঁয়” ৰ দ্বাৰা কেৰিয়াৰৰ আৰম্ভণি কৰা সিদ্ধান্ত চতূৰ্বেদী বিগত বহু দিনৰ পৰাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ পৰিছিল। জয়া আখতাৰৰ দ্বাৰা নিৰ্মিত উক্ত ছবিখনত “এমসী শ্বেৰ” ৰ চৰিত্ৰ ৰূপায়ন কৰা এই অভিনেতা গৰাকীয়ে ২০২০ চনলৈ লাভ কৰিছে কেইবাখনো ছবিৰ অফাৰ।

যোৱা কিছুদিন পূৰ্বে, এক খবৰ অনুসৰি কোৱা হৈছিল যে কেটৰিণা কেইফ আৰু ইশান খট্টৰৰ সৈতে সিদ্ধান্তক এখন একচন-মনোৰঞ্জনধৰ্মী ছবিত দেখিবলৈ পোৱা যাব। কিন্তু, এই কথাৰ স্পষ্টীকৰণ উক্ত কোনো তাৰকাই দিয়া নাছিল।ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদ মাধ্যমে এই বিষয়ে সিদ্ধান্তক সোধাত তেওঁ কয় যে, “কেটৰিণা কাইফৰ সৈতে এখন “হ’ৰৰ-কমেডী ছবি” ত মই কাম কৰিছো; যিখন বৰ্ষৰ শেষৰ ফালে আৰম্ভ হ’ব”।
https://twitter.com/karanjohar/status/1207501322326462464
ইয়াৰ লগতে, সিদ্ধান্ত চতূৰ্বেদীবদীপিকা পাডুকন, অনন্যা পাণ্ডেৰ সৈতে শকুন বাত্ৰাৰ এখন ছবিত কাম কৰিবলৈ সাজু হৈ পৰিছে। এই ছবিখন ১২ ফ্ৰেব্ৰুৱাৰী ২০২১ ত মুক্তি লাভ কৰিব।












