ASSAM TIMES POST
নিউজ ডেস্ক
কাজাখাস্থানত আজি এখন বিমান ভাঙি পৰাত এশ যাত্ৰী আৰু বিমান কৰ্মীৰ মৃত্যু হয়৷ দেশখনৰ আলমাটি বিমান বন্দৰৰ সমীপতে এই দুৰ্ঘটনাটো সংঘটিত হয়৷ কাজাখাস্থানৰ প্ৰশাসনে জনোৱা মতে বিমানখনত মুঠ ৯৫ গৰাকী যাত্ৰী আছিল৷

আনহাতে পাইলট, বিমান সেৱিকাসহ আন পাঁচগৰাকী আছিল৷ আজি পুৱা ৭.২২ বজাত কাজাখাস্থানৰ চহৰ আলমাটিৰ পৰা দেশখনৰ ৰাজধানী নুৰচুলতানৰ অভিমুখে বিমানখন ৰাওনা হৈছিল৷ উল্লেখ্য যে আলমাটি হ’ল পাহাৰীয়া এলেকা৷ পাহাৰৰ ওপৰতে পৰে বিমানখন৷












