ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Mizoram elections 2023 I মিজোৰাম বিধানসভাত এইবাৰ ইতিহাস ৰচিলে মহিলা বিধায়কে

নিউজ ডেস্কঃ

News Desk by News Desk
December 5, 2023
Reading Time: 1 min read
A A
0
Mizoram elections 2023 I মিজোৰাম বিধানসভাত এইবাৰ ইতিহাস ৰচিলে মহিলা বিধায়কে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

এইবাৰৰ মিজোৰাম বিধানসভা নিৰ্বাচনৰ (Mizoram Assembly Elections) ফলাফলত দুটা ক্ষেত্ৰত ইতিহাস (History in two areas) ৰচিত হৈছে। ৰাজ্যখনৰ ভোটাৰসকলে মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ) আৰু কংগ্ৰেছৰ উপৰি প্ৰায় ৪০ বছৰীয়া মিজোৰাম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আন এটা দলক ক্ষমতালৈ আনে। আনহাতে, প্ৰথমবাৰৰ বাবে ৪০ জনীয়া বিধানসভালৈ একাধিক মহিলা নিৰ্বাচিত হৈছে।

মিজোৰাম
মিজোৰাম বিধানসভাত এইবাৰ ইতিহাস ৰচিলে মহিলা বিধায়কে:

১৯৭২ চনত মিজোৰাম কেন্দ্ৰীয়শাসিত অঞ্চল গঠন হোৱাৰ পিছত শাসন কৰা প্ৰথমটো ৰাজনৈতিক দল আছিল মিজো সংঘ। ১৯৭৮ চনত ব্ৰিগেডিয়াৰ থেনফুংগা চাইলোৰ অধীনত চৰকাৰ গঠন কৰা পিপলছ কনফাৰেন্সৰ প্ৰথমগৰাকী মহিলা বিধায়িকা আছিল এল থানমাৱি। প্ৰথমগৰাকী মহিলা বিধায়ক পাবলৈ ৰাজ্যখনে ছবছৰ অপেক্ষা কৰিবলগীয়া হয়।

আনহাতে, এমএনএফৰ লালহলিমপুইয়ে ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী হোৱাৰ তিনিবছৰ পূৰ্বে ১৯৮৪ চনত পিপলছ কনফাৰেন্সৰ কে থানচিয়ামী দ্বিতীয়গৰাকী মহিলা বিধায়িকা হিচাপে নিৰ্বাচিত হয়। ২০১৭ চনত লাল থানহাউলাৰ নেতৃত্বত গঠিত কংগ্ৰেছ চৰকাৰৰ দ্বিতীয় মন্ত্ৰী হিচাপে পৰিগণিত হৈছিল ভনলালাউমপুই চাংথু।উল্লেখযোগ্য যে ১৯৭২ চনৰ পৰা ২০১৭ চনলৈ নিৰ্বাচিত চাৰিওগৰাকী প্ৰত্যেকেই আছিল মিজোৰামৰ একমাত্ৰ মহিলা বিধায়িকা।

এইবাৰ বিধানসভা নিৰ্বাচনত মুঠ ১৬ গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে লালৰামডিংঘেটি আৰু লালৰুআতফেলি হ্লৱাণ্ডোৱে নিৰ্দলীয় হিচাপে দুখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰে। ইয়াৰে ভিতৰত সৰ্বাধিক তিনিগৰাকী মহিলাই জয়লাভ কৰে। তাৰে ভিতৰত এমএনএফৰ প্ৰভা চাকমা আৰু জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম) লালৰিনপুইই আৰু বেৰিল ভান্নেইহছাংগীয়ে জয়লাভ কৰে।

নিৰ্বাচনত জয়লাভ কৰি প্ৰাক্তন ৰেডিঅ’ জকী ভান্নেইহছাংগীয়ে কয়, “সমগ্ৰ বিশ্বতে বাধাৰ প্ৰাচীৰ ভঙাৰ বাবে মিজোৰাম বিধানসভাত অধিক মহিলাৰ প্ৰৱেশ অনিবাৰ্য। এইটো মহিলাসকলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। কিন্তু আগন্তুক প্ৰত্যাহ্বানটো হ’ল আমাক ব্যৱস্থাটো সলনি কৰাৰ সুযোগ দিয়া লোকসকলৰ প্ৰত্যাশা পূৰণ কৰা।”

আনহাতে, ৩২ বছৰ বয়সত দক্ষিণ টুইপুই সমষ্টিৰ পৰা জয়ী হোৱা প্ৰাক্তন ভাৰতীয় ফুটবলাৰ তথা জেড পি এমৰ জেজে লালপেখলুৱা হৈছে আটাইতকৈ কম বয়সীয়া বিধায়িকা।ভান্নেইহচাংগীয়ে আইজল দক্ষিণ-৩ আসনৰ পৰা এমএনএফৰ এফ লালনুনমাৱিয়াক ১,৪১৪ টা ভোটত পৰাস্ত কৰি জয়লাভ কৰে। আনহাতে, লালৰিনপুইয়ে কংগ্ৰেছৰ জোচেফ লালহিম্পুয়াৰ বিৰুদ্ধে ১,৬৪৬টা ভোটত জয়লাভ কৰি লুংলেই ইষ্ট আসনত জয়লাভ কৰে। প্ৰভা চাকমাই কংগ্ৰেছৰ নিহাৰ কান্তি চাকমাক ৭১১টা ভোটত পৰাস্ত কৰি পশ্চিম টুইপুই সমষ্টিত জয়লাভ কৰে।

Tags: HistoryMizoramElectionsমিজোৰামবিধানসভাইতিহাস
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx