এইবাৰৰ মিজোৰাম বিধানসভা নিৰ্বাচনৰ (Mizoram Assembly Elections) ফলাফলত দুটা ক্ষেত্ৰত ইতিহাস (History in two areas) ৰচিত হৈছে। ৰাজ্যখনৰ ভোটাৰসকলে মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ) আৰু কংগ্ৰেছৰ উপৰি প্ৰায় ৪০ বছৰীয়া মিজোৰাম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আন এটা দলক ক্ষমতালৈ আনে। আনহাতে, প্ৰথমবাৰৰ বাবে ৪০ জনীয়া বিধানসভালৈ একাধিক মহিলা নিৰ্বাচিত হৈছে।
১৯৭২ চনত মিজোৰাম কেন্দ্ৰীয়শাসিত অঞ্চল গঠন হোৱাৰ পিছত শাসন কৰা প্ৰথমটো ৰাজনৈতিক দল আছিল মিজো সংঘ। ১৯৭৮ চনত ব্ৰিগেডিয়াৰ থেনফুংগা চাইলোৰ অধীনত চৰকাৰ গঠন কৰা পিপলছ কনফাৰেন্সৰ প্ৰথমগৰাকী মহিলা বিধায়িকা আছিল এল থানমাৱি। প্ৰথমগৰাকী মহিলা বিধায়ক পাবলৈ ৰাজ্যখনে ছবছৰ অপেক্ষা কৰিবলগীয়া হয়।
আনহাতে, এমএনএফৰ লালহলিমপুইয়ে ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী হোৱাৰ তিনিবছৰ পূৰ্বে ১৯৮৪ চনত পিপলছ কনফাৰেন্সৰ কে থানচিয়ামী দ্বিতীয়গৰাকী মহিলা বিধায়িকা হিচাপে নিৰ্বাচিত হয়। ২০১৭ চনত লাল থানহাউলাৰ নেতৃত্বত গঠিত কংগ্ৰেছ চৰকাৰৰ দ্বিতীয় মন্ত্ৰী হিচাপে পৰিগণিত হৈছিল ভনলালাউমপুই চাংথু।উল্লেখযোগ্য যে ১৯৭২ চনৰ পৰা ২০১৭ চনলৈ নিৰ্বাচিত চাৰিওগৰাকী প্ৰত্যেকেই আছিল মিজোৰামৰ একমাত্ৰ মহিলা বিধায়িকা।
এইবাৰ বিধানসভা নিৰ্বাচনত মুঠ ১৬ গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে লালৰামডিংঘেটি আৰু লালৰুআতফেলি হ্লৱাণ্ডোৱে নিৰ্দলীয় হিচাপে দুখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰে। ইয়াৰে ভিতৰত সৰ্বাধিক তিনিগৰাকী মহিলাই জয়লাভ কৰে। তাৰে ভিতৰত এমএনএফৰ প্ৰভা চাকমা আৰু জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম) লালৰিনপুইই আৰু বেৰিল ভান্নেইহছাংগীয়ে জয়লাভ কৰে।
নিৰ্বাচনত জয়লাভ কৰি প্ৰাক্তন ৰেডিঅ’ জকী ভান্নেইহছাংগীয়ে কয়, “সমগ্ৰ বিশ্বতে বাধাৰ প্ৰাচীৰ ভঙাৰ বাবে মিজোৰাম বিধানসভাত অধিক মহিলাৰ প্ৰৱেশ অনিবাৰ্য। এইটো মহিলাসকলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। কিন্তু আগন্তুক প্ৰত্যাহ্বানটো হ’ল আমাক ব্যৱস্থাটো সলনি কৰাৰ সুযোগ দিয়া লোকসকলৰ প্ৰত্যাশা পূৰণ কৰা।”
আনহাতে, ৩২ বছৰ বয়সত দক্ষিণ টুইপুই সমষ্টিৰ পৰা জয়ী হোৱা প্ৰাক্তন ভাৰতীয় ফুটবলাৰ তথা জেড পি এমৰ জেজে লালপেখলুৱা হৈছে আটাইতকৈ কম বয়সীয়া বিধায়িকা।ভান্নেইহচাংগীয়ে আইজল দক্ষিণ-৩ আসনৰ পৰা এমএনএফৰ এফ লালনুনমাৱিয়াক ১,৪১৪ টা ভোটত পৰাস্ত কৰি জয়লাভ কৰে। আনহাতে, লালৰিনপুইয়ে কংগ্ৰেছৰ জোচেফ লালহিম্পুয়াৰ বিৰুদ্ধে ১,৬৪৬টা ভোটত জয়লাভ কৰি লুংলেই ইষ্ট আসনত জয়লাভ কৰে। প্ৰভা চাকমাই কংগ্ৰেছৰ নিহাৰ কান্তি চাকমাক ৭১১টা ভোটত পৰাস্ত কৰি পশ্চিম টুইপুই সমষ্টিত জয়লাভ কৰে।