
মিজোৰাম বিধানসভা নিৰ্বাচনত (Mizoram Assembly Elections) বিপর্যয়ৰ সন্মুখীন হৈছে শাসনাধিষ্ঠিত মিজো নেচনেল ফ্ৰণ্ট (Mizo National Front)। ইয়াৰ বিপৰীতে ঐতিহাসিকভাৱে উত্থান ঘটিছে জোৰাম পিপলছ মুভমেণ্ট (Zoram People’s Movement has emerged) চমুকৈ জেদ পি এম (ZPM)ৰ। আনহাতে, পৰাস্ত হৈছে মুখ্যমন্ত্ৰী জোৰামথাংগা (Defeated Chief Minister Zoramthanga)। তেওঁ আইজল পূব-১ আসনত পৰাস্ত হয়।

উল্লেখযোগ্য যে মিজোৰামত ৪০ খন বিধানসভা আসন আছে। দেওবাৰে চাৰিখন ৰাজ্যত গণনা কৰাৰ পিছত, সোমবাৰে পুৱা ভোটগণনা আৰম্ভ হয় মিজোৰামত। গণনাৰ প্ৰথমাৰ্ধত শাসনাধিষ্ঠিত মিজো নেচনেল ফ্ৰণ্ট আগবাঢ়ি আছিল যদিও দিন আগবাঢ়ি যোৱাৰ লগে লগে পট পৰিৱৰ্তনৰ লক্ষণ দেখা গৈছে।
শেহতীয়া প্ৰতিবেদন অনুসৰি, জোৰাম পিপলছ মুভমেণ্ট ভোটগণনাত আগবাঢ়ি আছে। মিজোৰাম এসময়ত কংগ্ৰেছৰ হাতত আছিল। অৱশ্যে, মিজোৰাম ২০১৮ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হয়। স্বাভাৱিকতে, আন ৰাজ্যৰ দৰে, কংগ্ৰেছে ইয়াত পুনৰ ক্ষমতা ঘূৰাই পাবলৈ চেষ্টা কৰিছে। আনহাতে, গেৰুৱা দলে মিজোৰামৰ ৪০ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে। এই মুহূৰ্তত বিজেপিৰ লক্ষ্য হৈছে ৰাজ্যখনত নিজৰ একাউণ্ট খোলা।













