ASSAM TIMES POST
নিউজ ডেস্ক: ধৰ্মক অৱমাননা কৰাৰ অপৰাধত এজন ৩৩ বছৰীয়া শিক্ষকক পাকিস্তানত মৃত্যুদণ্ড দিয়া হৈছে৷ আন্তৰ্জাতিক মানৱ অধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেচনেলে এই ৰায়ক চৰম হতাশজনক বুলি অভিহিত কৰিছে৷
জুনায়েদ হাফিজ নামৰ শিক্ষকজন পাকিস্তানৰ মুলতানৰ জাকাৰিয়া বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল৷ আমেৰিকান সাহিত্য, আলোকচিত্ৰ আৰু থিয়েটাৰৰ বিষয়ে তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰত অধ্যয়ন কৰিছিল৷ সামাজিক যোগাযোগ মাধ্যমত হজৰত মহম্মদক অৱমাননা কৰি মতামত প’ষ্ট কৰিছিল হাফিজে৷
আদালতত তেওঁৰ বিৰুদ্ধে তিনিটা অভিযোগ আছিল৷ ইয়াৰে এটাত তেওঁক ১০ বছৰ কাৰাদণ্ড দিয়া হয়৷ তৃতীয় অভিযোগৰ ভিত্তিত তেওঁক মৃত্যুদণ্ড দিয়া হয়৷ উল্লেখ্য যে গ্ৰেপ্তাৰৰ পাছত কাৰাগাৰত থাকোতে হাফিজৰ ওপৰত আন বাসিন্দাই অত্যাচাৰ কৰিছিল৷ ফলত তেওঁক আন কাৰাগাৰলৈ স্থানান্তৰ কৰিছিল৷












