মণিপুৰস্থিত উগ্ৰপন্থী সংগঠন (Manipur-based militant outfit) ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (United National Liberation Front) চমুকৈ ইউএনএলএফে ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাৰ মাজতে কেন্দ্ৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ (Peace accord signed with Centre) কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনোৱা মতে, বুধবাৰে চুক্তি স্বাক্ষৰ হোৱাৰ পিছত মেইটেই উগ্ৰপন্থী গোট ইউএনএলএফৰ গেৰিলাসকলে তেওঁলোকৰ অস্ত্ৰ সমৰ্পণ কৰা আৰম্ভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) শান্তি চুক্তিক আদৰণি জনাই কয়, ”মণিপুৰত শান্তি পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ই এক ঐতিহাসিক মাইলৰ খুঁটি।”
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ে মঙলবাৰে মণিপুৰত হিংসাত জড়িত নটা মেইটেই গোটৰ ওপৰত নিষেধাজ্ঞা আৰু পাঁচ বছৰলৈ বৃদ্ধি কৰিবলৈ এখন ন্যায়াধিকৰণ গঠন কৰে। ন্যায়াধিকৰণৰ নেতৃত্ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ দ্বাৰা কৰা হৈছে। অভিযোগ অনুসৰি এই গোটবোৰে ছয় মাহৰ হিংসাত্মক সময়ছোৱাত পোনপটীয়াকৈ সশস্ত্ৰ আক্ৰমণত অংশগ্ৰহণ কৰিছিল।