কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ হিংসাৰ (Manipur Violence) লগত জড়িত ৯টা মেইটেই গোটৰ ওপৰত নিষেধাজ্ঞা আৰু পাঁচ বছৰ বৃদ্ধিৰ বাবে ন্যায়াধিকৰণ গঠন কৰিছে। এই ন্যায়াধিকৰণৰ নেতৃত্বত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। এই সংগঠনসমূহে যোৱা ছমাহৰ হিংসাত্মক পৰিস্থিতিত সশস্ত্ৰ আক্ৰমণত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ অভিযোগ।
সেয়েহে এই মাহত গৃহ মন্ত্ৰালয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত এই সংগঠনসমূহক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰে।
‘নিষিদ্ধ’ ঘোষণা কৰা সংগঠনসমূহৰ ভিতৰত আছে পিপলছ লিবাৰেচন আৰ্মীৰ ৰাজনৈতিক শাখা ৰিভলুচনেৰী পিপলছ ফ্ৰণ্ট (আৰপিএফ), মণিপুৰ পিপলছ আৰ্মী (এমপিএ), ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সশস্ত্ৰ শাখা, পিপলছ ৰিভলুচনেৰী পাৰ্টি অব কাংগলেইপাকৰ (প্ৰিপাক) সশস্ত্ৰ শাখা লাল সেনা আৰু কাংগলেইপাক কমিউনিষ্ট পাৰ্টিৰ (কেচিপি) সশস্ত্ৰ শাখা কাংগলেইপাক ৰে। কঠোৰপন্থী মেইটেই সংগঠন কাংগলেই ইয়াওল কানবা লুপ (কেৱাইকেএল), মেইটেই সমন্বয় সমিতি (কোৰ কম) আৰু এলায়েন্স ফৰ ছ’চিয়েলিষ্ট ইউনিটি কাংগলেইপাকো (আছুকে) এই তালিকাত আছে।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ে অভিযোগ কৰে যে চীন সমৰ্থিত কুকি-জো উগ্ৰপন্থী সংগঠন কুকি নেচনেল আৰ্মী, কুকি নেচনেল ফ্ৰন্ট, ইউনাইটেড কুকি লিবাৰেচন ফ্ৰণ্টে শেহতীয়াকৈ মণিপুৰত সংঘটিত দলীয় হিংসাৰ সৈতে জড়িত হৈ আছে। শেহতীয়াকৈ মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিত ম্যানমাৰৰ সশস্ত্ৰ সংগঠন পিডিএফৰ ভূমিকাৰো অভিযোগো উত্থাপন হৈছে।