ASSAM TIMES POST
নগাঁও : নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বিৰোধী আন্দোলনৰ শক্তি হ্ৰাসৰ চেষ্টা কৰাৰ লগতে জনসাধাৰণৰ মাজত সংঘাত কমোৱাৰ অজুহাতত চচিয়েল মিডিয়া নিয়ন্ত্ৰন কৰিবলৈ দহ দিনৰো অধিক সময় ইন্টাৰনেট বন্ধ ৰখাৰ পিচত এতিয়া আৰক্ষী প্রশাসন ব্যস্তহৈ পৰিছে চচিয়েল মিডিয়া অপব্যৱহাৰ কৰাৰ অভিযোগত একাংশ লোকক গ্ৰেপ্তাৰ কৰাত ।
চচিয়েল মিডিয়াত আপত্তি জনক মন্তব্য কৰাৰ অভিযোগৰ লগতে আন্দোলনৰ লগত জড়িত কেইবাজনো লোকক বিভিন্নস্থানৰ পৰা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আনহাতে আন্দোলনৰ সমর্থক এনেলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্রহণ কৰাৰ বিপৰীতে বিজেপিৰ আই টি চেল আৰু একাংশ দলীয় কৰ্মী-সমৰ্থকে কটু মন্তব্যৰে আন্দোলনকাৰী সকলক অপমান কৰাৰ পিচতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।
আন্দোলনকাৰীক অপমান কৰি অশালীন মন্তব্য কৰা এনে কেইগৰাকীমান লোকৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰত সংগঠনটোৱে কেইজনমানলোকে ফেচবুকৰ জৰিয়তে উচতনিমূলক বক্তব্য দি অশান্তি আৰু সাম্প্ৰদায়িকতা বিয়পোৱাৰ অভিযোগ কৰিছে।
সংগঠনটোৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ থানাত ৩৬৯৩/১৯ নম্বৰত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হব।