ASSAM TIMES POST
নিউজ ডেস্ক
দেশজুৰি নাগৰিকত্ব আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ ইয়াৰ লগতে আইইউচিলৈ গৈছে দেশৰ অৰ্থনীতি৷ ফলত বন্ধ হৈ পৰিছে বিভিন্ন কোম্পানী৷ বিক্ৰী হৈছে চৰকাৰী কোম্পানী৷ দেশত কৰ্মসংস্থাপনৰ অভাৱ ঘটিছে৷ পিঁয়াজকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে৷ ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আজি অনুষ্ঠিত বৈঠকত জাতীয় জনসংখ্যা পঞ্জীয়ন অৰ্থাৎ এনপিআৰৰ পুন নবীকৰণৰ অনুমোদন দিলে কেন্দ্ৰীয় চৰকাৰে৷

ইয়াৰ বাবে খৰচ হ’ব ৮৫০০ কোটি টকা৷ এই কথা কেন্দ্ৰীয় চৰকাৰে জনাইছে৷ চেনচাচ কমিচনৰ মতে এন আৰ পিৰ আচল উদ্দেশ্য হ’ল দেশৰ প্ৰত্যেক ‘ইউজুৱেল ৰেচিডেণ্ট’ বা সকলো নাগৰিক, যি ছমাহ বা তাৰ বেছি কোনো লোক এটা ঠাইত বসবাস কৰি আছে বা কৰিব সেই লোকৰ পূৰ্ণাংগ পৰিচয়ৰ তথ্য তৈয়াৰ কৰা হ’ব৷
বিস্তাৰিত বায়োমেট্ৰিক আৰু ডেম’গ্ৰাফীক লৈ তৈয়াৰ হ’ব এই তথ্য৷ প্ৰত্যেক ইউজুৱেল ৰেচিডেণ্ট’ বা এন পি আৰত নথীভূক্ত বাধ্যতামূলক বুলি জনাইছে৷ ইয়াৰ বাবে কোনো প্ৰমাণপত্ৰ নালাগে৷ প্ৰত্যেক মানুহ, যি এই দেশত আছে তেওঁলোক এন পি আৰত নথীভূক্ত কৰা হ’ব৷ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত কেন্দ্ৰীয় মানৱসম্পদ উন্নয়ন মন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে৷ উল্লেখ্য যে ২০১০ চনত ইউ পি এ চৰকাৰৰ আমোলাত প্ৰথমবাৰ এন পি আৰ হৈছিল৷ পৰবৰ্তী জনগণনা ২০২১ চনত হ’ব৷ এইবাৰ এন পি আৰ বিস্তাৰিতভাৱে হ’ব৷











