ASSAM TIMES POST
বিভাস দুৱৰা
ডিব্ৰুগড় : ডিব্ৰুগড়ত আছুৰ নেতৃত্বত কা বিৰুধী জনতাৰ গৰ্জন শীৰ্ষক কাৰ্যসূচী।কাৰ্যসূচীলৈ ওলাই আহে হাজাৰ হাজাৰ লোক।আবাল বৃদ্ধ বনিতাকে ধৰি মানুহ কেবল মানুহ।পূৰ্বে কোনো দিনেই হোৱা নাই এনে বিশাল প্ৰতিবাদ।সমগ্ৰ চৌকিদিঙ্গি খেলপথাৰত বীৰ দি বাট নোপোৱা অৱস্থা।পদপথ,ৰাস্তা টো মানুহ।সকলোৱে মুখে মুখে আমাক কা নালাগে।
ডিব্ৰুগড়ৰ দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান স্বতঃস্ফুত ভাৱে বন্ধ হৈ পৰে ।জনসাধাৰণে নিজ নিজ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি, কাৰ্যালয় এৰি ওলাই আহিছে আহে বিশাল প্ৰতিবাদী কাৰ্যসূচীলৈ।ক্ৰমান্বয়ে ৰাইজৰ সোঁত তীব্ৰ গতিত বৃদ্ধি পাই প্ৰায় লাখৰ সংখ্যাত প্ৰতিবাদীকাৰী ভৰি পৰে গৰ্জন স্থলী।অনুষ্ঠানত উপস্থিত আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ চৰকাৰক সমালোচনাৰে,চৰকাৰক কঁপাই তোলা কা বিৰুধী বক্তব্য, স্বনামধন্য সাহিত্যক ড’ নগেন শইকীয়া,সংগীত শিল্পী মানস ৰবীন,নীল আকাশৰো প্ৰতিবাদী কণ্ঠ।
অনুষ্ঠানত মাৰোৱাৰী,বিহাৰী,বঙালী সম্প্ৰদায়ৰ হাজাৰোধিক লোকৰো অংশগ্ৰহণ দেখা যায় প্ৰতিবাদত।মুখ্যমন্ত্ৰী গৃহৰ প্ৰায় এক কিলোমিটাৰ নিলগৰ পৰা এই কাৰ্যসূচী গ্ৰহণ কৰি দিল্লী,দিছপুৰ চৰকাৰক অসমীয়া জনতাৰ কা বিৰুধী গৰ্জনেৰে কঁপাই তুলিবলৈ এই প্ৰতিবাদ গঢ়ি তুলে এই সকল ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লোকে।
কাৰ্যসূচীত ৰাজ্যৰ সমাজ সচেতন গণ্য মান্য ব্যক্তিৰ লগতে বৃদ্ধ,শিশু কিশোৰ, যুৱ শক্তি,অধিবক্তা,বিশ্ববিদ্যালয়ৰ অধ্যাপক আদিৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উদ্যোমি প্ৰতিবাদ দেখা যায়,দিনযোৰি শুনা যায় চৰকাৰ বিৰুধী শ্লোগান,চোকা সমালোচনা ,ককৰ্থনা মোডী, অমিত শ্বাহ,হিমন্ত,সৰ্বানন্দৰ বিৰুদ্ধে প্ৰতিগৰাকী গৰ্জনকাৰীৰ মুখে মুখে,মুকলি মঞ্চত সংগীত,কবিতা পাঠ আদিৰেও গঢ়ি তোলা হয় বিজেপি বিৰুধী গৰ্জন।
অনুষ্ঠানত আছুৰ আন্দোলনৰ বাবে আগবঢ়োৱা হয় ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ৰ পৰা ২৫ হাজাৰ টকাৰ এক অনুদান।অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাই আন্দোলন স্থিমিত নকৰি আগবাঢ়াই নিবলৈ উপস্থিত জনতাক সম্বোধন কৰি ৰাখে প্ৰতিবাদী বক্তব্য।
অনুষ্ঠানৰ শেষৰ ফালে নীল আকাশৰ সৈতে জাতীয় সংগীত “অ মোৰ আপোনাৰ দেশ” একেলগে গাই অসমীয়া জণগনে
আবেগ,একতা আৰু অসমীয়া শক্তিক প্ৰকাশ কৰা দেখা যায়।
গায়ন-বায়ন,মৃদং,ডবা বৰকাহৰ ধ্বনিৰ সৈতে অনুষ্ঠানৰ শেষত একেলগে প্ৰায় লাখ জনতাই দিয়ে জনতাৰ গৰ্জন।