ASSAM TIMES POST
নিউজ ডেক্সঃ শ্ৰীলংকাত হোৱা ধাৰাষাৰ বৰষুণ আৰু ধুমুহাই দ্বীপ ৰাষ্ট্ৰখনত ব্যাপক ক্ষতি কৰিছে৷ এই বৰষুণ আৰু ধুমুহাত প্ৰায় ৬৫০০০ লোক আক্ৰান্ত হৈছে৷ ইয়াৰে ১৭০০০ লোকক সুৰক্ষা দিয়াৰ বাবে স্থানান্তৰ কৰা হৈছে৷ এই বৰষুণ আৰু ধুমুহাত ১৫০০ টা ঘৰ আংশিক বা সম্পূৰ্ণভাৱে ধ্বংস হৈছে৷
ৰাষ্ট্ৰখনৰ ১৩খন জিলাত এই বৰষুণ আৰু ধুমুহাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিয়ে নৰ্থ চেণ্ট্ৰেল প্ৰভিঞ্চ পৰিভ্ৰমণ কৰি বানাক্ৰান্ত আৰু ভূমিস্খলনৰ ঠাইবোৰ পৰিদৰ্শন কৰে৷ ইতিমধ্যে বৰষুণ আৰু ধুমুহাত বিধ্বস্ত এলেকাবোৰত সেনা বাহিনী নিয়োগ কৰি উদ্ধাৰ অভিযান চলাই আছে৷












