ASSAM TIMES POST
নিউজ ডেস্ক
নিৰ্বাচনী যুঁজত পৰাজয় স্বীকাৰ কৰি ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে পদত্যাগ কৰিছে৷ ৰাজ্যখনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হৈছে৷ অৱশ্যে বাতৰি লিখা পৰলৈকে ফলাফল সম্পূৰ্ণ ঘোষণা কৰা হোৱা নাই৷
ইতিমধ্যে ঝাৰখণ্ডৰ মুক্তি মৰ্চা আৰু মিত্ৰজোঁট দল কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দলে শাসনভাৰ লাভ কৰাটো নিশ্চিত হৈ পৰিছে৷ উল্লেখ্য যে ৰাজ্যখনত মুঠ ৮১খন আসন আছে৷ সংখ্যা গৰিষ্ঠা বাবে মেজিক অংক হ’ল ৪১৷
ইতিমধ্যে মিত্ৰজোঁট দলৰ মাজত মিঠাই খোৱাই আনন্দ উল্লাস কৰিছে দলৰ সমৰ্থক আৰু কৰ্মীসকলে৷ আনহাতে মিত্ৰজোঁটৰ হৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহণ কৰিব শিবু চোৰেণৰ পুত্ৰ হেমন্ত চোৰেণে৷ অৱশ্যে নতুন চৰকাৰ নোহোৱা পৰ্যন্ত মুখ্যমন্ত্ৰী ৰঘুবৰ দাসক দায়িত্ব চলাই যাবলৈ ৰাজ্যপালে আহ্বান কৰে৷