ASSAM TIMES POST
ডিফুঃ ‘কা’ বিৰোধী প্ৰতিবাদক লৈ সমগ্ৰ ৰাজ্য জ্বলি থকাৰ সময়তে ‘কা’ বাতিলৰ দাবীত হিল-দ’ল ভাঙি ওলাই অহা হাজাৰ হাজাৰ প্ৰতিবাদী জনতাই সোমবাৰে উত্তাল কৰিলে কাৰ্বি পাহাৰৰ বকলীয়াঘাট ৷ সন্মিলিত সংগ্ৰামৰ পৰিষদ, অসমৰ উদ্যোগত অনুষ্ঠিত ‘কা’ বিৰোধী এক বিশাল গণ সমাবেশত অংশ লৈ অসমৰ সাহিত্যিক, বুদ্ধিজীৱি আৰু সংগ্ৰামী নেতৃত্বৰ লগতে ‘কা’ বাতিলৰ বাবে চৰকাৰক সকীয়ালে ত্ৰিপুৰাৰ সংগ্ৰামী নেত্ৰী পাতাল কন্যা জামাতিয়া আৰু নগালেণ্ডৰ পিয়ুচ ল’থাই ৷

সংগ্ৰাম পৰিষদৰ অন্যতম সমন্বয়ক হলিৰাম টেৰাঙৰ পৌৰহিত্যত অনুষ্ঠিত এই প্ৰতিবাদী সমাবেশত অংশ লয় বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত, আলফা নেতা অনুপ চেতিয়া, বিশিষ্ট সাংবাদিক-বুদ্ধিজীৱি হাইদৰ হুছেইন, লাচিত বৰদলৈসহ অসমৰ কেবাজনো সংগ্ৰামী নেতৃত্বৰ লগতে ত্ৰিপুৰাৰ অন্যতম সংগ্ৰামী নেত্ৰী পাতাল কন্যা জামাতিয়া আৰু নগালেণ্ড ইণ্ডেজিনিয়াছ পিপুলচ ফ্ৰন্টৰ পিয়ুচ ল’থাসহ কেবাগৰাকী সংগ্ৰামী নেতৃত্ব ৷













