ASSAM TIMES POST
‘কা’ই অসমীয়া ভাষা-সংস্কৃতিলৈ বিপদ কঢ়িয়াই আনিব : ডঃ নৰেন কলিতা
নগাঁও : নাগৰিকত্ব সংশোধনী আইন(কা)ৰ বিৰুদ্ধে নগাঁৱত বিভিন্ন দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে । নগাঁৱৰ জ্যেষ্ঠ নাগৰিক সমাজেও আজি ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
সদৌ নগাঁও জিলা ছাত্ৰ ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান ক্ৰমে আজি নগাঁও চহৰৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত নাগৰিক সকলে নগাঁও জিলা ছাত্র সন্থাৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট গৱেষক, পণ্ডিত ডঃ নৰেন কলিতাই কয় : নাগৰিকত্ব সংশোধনী আইনে আমাৰ জাতীয় পৰিচয় আৰু ভাষা-সংস্কৃতিত বিপদ কঢ়িয়াই আনিব।আইনখন সংবিধান বিৰোধী বুলি ইতিমধ্যে চৰ্চিত হৈছে। সেয়ে সংবিধান বিৰোধী এই আইন আমি কোনো কাৰণে মানি লব নোৱাৰোঁ।
মই চৰকাৰক অসমৰ জনমতক সন্মান জনাই আইনখন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছোঁ। নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি প্ৰেমেশ্বৰ দাসে আইনখনৰ তীব্ৰ বিৰোধিতা কৰি কয় যে আইনখনে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিব। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ জনমতক গুৰুত্ব নিদি অসমবাসীৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে।
চৰকাৰৰ এনে ষড়যন্ত্ৰক আমি ওফৰাই দিব লাগিব। আনহাতে নগাঁও পেন্সনাৰ সন্থাৰ সভাপতি আবুল হুছেইনে কয় যে অসম চুক্তি অনুসৰি, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী ইয়াৰ পৰা যাব লাগিব। এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব। অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিয়ে কয় যে এই আইনখনে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। এনে জাতি ধ্বংসী আইন আমি কোনো কাৰণতে মানি নলও।
চৰকাৰে বিভিন্ন কুট কৌশলেৰে এই আন্দোলন মষিমূৰ কৰিব বিচাৰিছে। চৰকাৰৰ এই ষড়যন্ত্ৰ প্ৰতিহত কৰি আমি ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিব লাগিব। নগাঁও উকিল সন্থাৰ সভাপতি আবুল হাচিম খন্দকাৰে কয় যে আমি আইনী যুজঁৰ সমান্তৰাল ভাবে ‘কা’ বিৰোধী আন্দোলন অব্যাহত ৰাখিব লাগিব।
এক শক্তিশালী আৰু ঐক্যবদ্ধ সংগ্ৰামৰ জৰিয়তেহে ‘কা’ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক বাধ্য কৰাব পাৰিম। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নগাঁও জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি পৰাণ কুমাৰ বৰুৱা, নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক হোমেশ্বৰ দেৱ শৰ্মা, কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক নৌশাদ আখতাৰ হাজৰিকা, উত্তৰ-পশ্চিম জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক শিৱৰাম বৰদলৈ, নগাঁও গুৰুদ্বাৰ প্ৰবন্ধক কমিটিৰ সভাপতি দেৱেন্দ্ৰৰ সিং চেহমী, ‘কলংপাৰ’ সাপ্তাহিক কাকতৰ মুখ্য সম্পাদক ডঃ আবু হানিফা, জ্যেষ্ঠ নাগৰিক ললিত দত্ত, পুণিৰাম শইকীয়া, মুকুট ভুঞা আদিকে ধৰি শতাধিক জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে। জ্যেষ্ঠ নাগৰিক সকলে ‘কা’ আমি নামানো, ‘কা’ বাতিল হ’বই লাগিব, অসমীয়া ভাষা-সংস্কৃতি সুৰক্ষিত হ’ব লাগিব, অসম চৰকাৰ হায় হায় আদি বিভিন্ন ধ্বনিৰে প্ৰতিবাদস্থলী মুখৰিত কৰি তোলে।
নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৌতম বৰাই আঁত ধৰা এই কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰি শংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে ‘কা’ বিৰোধী আন্দোলন অধিক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়। ইপিনে, অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগতো জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰী ছাত্ৰ সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়।