ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ সমগ্ৰ ৰাজ্যত লগতে পশ্চিম কাৰ্বি আংলং জিলাখনটো আজিও অব্যাহত আছে C(A)A বিৰুধি আন্দোলন ।জিলাখনৰ টেংৰালাংছ’ত আজি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত C(A)A বিৰোধী এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্য সভাত নাগৰিক সংশোধনী আইন ২০১৯ গৃহিত হোৱা ৰ পাছতেই পাহাৰীয়া জিলাখনটো কাৰ্বি ছাত্ৰ সন্থায়ে অধিক তীব্রতৰ কৰি তুলিছে C(A)A বিৰোধী আন্দোলন।

ছেমচন তেৰণৰ নেতৃত্বত এক সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত উলাই আহি হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগান দি বৈঠালাংছ’ৰ, টেংৰালাংছ’ত আকাশ-বতাহ প্ৰতিবাদমুখৰ কৰি তোলে৷ কাৰ্বি ছাত্ৰ-ছাত্ৰী লগতে জ্যেষ্ঠ নাগৰিকৰ সমূহ টেংৰালাংছ’ত একত্ৰিত হৈ প্ৰায় ৫ কি:মি প্ৰতিবাদী সমদল ওলাই ৷
তদুপৰি ষষ্ঠ অনুসূচীৰ অধীনৰ কাৰ্বি আংলঙত C(A)A ৰ কোনোধৰণৰ প্ৰভাৱ নপৰে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মন্তব্য কৰাৰ পিছত পুনৰ ৭০০ হিন্দু শৰনাৰ্থীয়ে নাগৰিকত্ব লাভৰ বাবে কাৰ্বি আংলঙত আবেদন কৰিব পাৰিব বুলি মন্তব্য কৰাৰ সন্দৰ্ভ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন তেৰনে এনে মন্তব্য দুৰ্ভাগ্যজনক আৰু মন্ত্ৰী জনৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থায়ে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি সদৰি কৰে৷












