ASSAM TIMES POST
নিউজ ডেক্সঃ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত আজি দিল্লীৰ ৰাজঘাটত ধৰ্ণাত বহিল কংগ্ৰেছ৷ তাৰ আগেয়ে প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে যুৱ সমাজৰ প্ৰতি এক বিশেষ আবেদন কৰে৷ আবেদনত মোডী আৰু শ্বাহক কাঠগড়াত তুলিবলৈ ৰাহুল গান্ধীয়ে কয়৷ যুৱ সমাজক ক্ষতি কৰাৰ কাৰণে এইদৰে কয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে৷ আমি দেশক ভাল পাও৷
এই দেশত ঘৃণাৰ জয় কোনো কাৰণতে হ’ব দিব নোৱাৰি৷ মোডী আৰু শ্বাহৰ ঘৃণা আৰু হিংসাৰ প্ৰত্যুত্তৰ দিবলৈ আমি প্ৰস্তুত৷ কাৰণ যুৱ সমাজৰ ভৱিষ্যৎ তেওঁলোকে ধ্বংস কৰিছে৷ মন কৰিব লগীয়া যে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে বিক্ষোভ কৰি আহিছে যদিও কংগ্ৰেছে কাৰ্যসূচী হাতত লোৱা দেখা পোৱা নগৈছিল৷
আজি প্ৰথমবাৰৰ বাবে বিৰোধী দলটোৱে এই কাৰ্যসূচী গ্ৰহণ কৰে৷ এই কাৰ্যসূচীত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীসহ বহু দলীয় নেতাই অংশ লয়৷












