ASSAM TIMES POST
নিউজ ডেক্সঃ কাৰাগাৰতে মৃত্যু হ’ল জম্মু আৰু কাশ্মীৰৰ নিষিদ্ধ জামাত-ই-ইছলামিক সংগঠনৰ নেতা গোলাম মহম্মদ ভাটেৰ৷ চাৰি মাহৰো অধিক দিন ধৰি এই নেতাজন উত্তৰ প্ৰদেশৰ এলাহাবাদৰ এখন কাৰাগাৰত বন্দী হৈ আছিল৷ তাতেই শনিবাৰে গোলাম মহম্মদ ভাটেৰ মৃত্যু হয়৷ দেওবাৰে তেওঁক শ্ৰীনগৰলৈ অনা হয়৷ উল্লেখ্য যে যোৱা ৫ আগষ্টত জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা কেন্দ্ৰীয় চৰকাৰে কৰ্তন কৰে৷
তেতিয়া কিছু সংখ্যাক লোকৰ লগতে এই নেতাজনক গ্ৰেপ্তাৰ কৰে৷ তেওঁৰ বিৰুদ্ধে নিৰাপত্তা আইন প্ৰয়োগ কৰি এলাহাবাদৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল৷ অহা ৯ জানুৱাৰীত গোলাম মহম্মদ ভাটেৰ ওপৰত আইন কাৰ্যকৰী কৰাৰ কথা আছিল৷ তাৰ আগেয়ে শনিবাৰে ৪ বজাত গোলাম মহম্মদ ভাটেৰ মৃত্যু হয়৷ এই ঘটনাক গৰিহনা দিছে জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ কন্যা ইলতিজাই৷ গোলাম মহম্মদ ভাটেৰ মৃত্যুত কেন্দ্ৰীয় গৃহ মন্ত্ৰীক দায়ী কৰিছে ইলতিজাই৷












