![]()
অসম চৰকাৰৰ পৰিবহন আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত আজি ডিফুৰ চৰকাৰী বালক উচচতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আয়োজিত এক ৰাজহুৱা সভাত জিলাখনৰ 15 হাজাৰ অধিক গৰাকী হিতাধিকাৰী সকলৰ মাজত অৰুণোদয় (Arunodoi) দ্বিতীয় পৰ্য্যায়ৰ অনুমোদন পত্র বিতৰণ কৰা হ’য়।

মন্ত্ৰী গৰাকীয়ে হিতাধিকাৰী ৰাইজলৈ উদ্দেশ্যি দিয়া ভাষণত কয়- অৰুণোদয় আঁচনিৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ প্রত্যেক পৰিয়ালৰ আৰ্থিক দিশত টনকিয়াল হ’ব আৰু কাৰ্বি আংলং জিলা আগবাঢ়ি যাব।তেঁও লগতে বৰ্তমান অসমত 18 লাখ অধিক হিতাধিকাৰী আছে বুলি উল্লেখ কৰি অহা 20 নৱেম্বৰত অসমত অৰুণোদয় হিতাধিকাৰী সংখ্যা নতুন কৈ 6 লাখ 88 হাজাৰ হ’ব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে জিলাখনত বৰ্তমান 42 হাজাৰ অৰুণোদয় হিতাধিকাৰী আছে আৰু অহা 10 নৱেম্বৰত নকৈ 1500 হাজাৰ হিতাধিকাৰী অন্তৰ্ভুক্ত হ’ব ।
জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৰাজহুৱা সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাসী সদস্য ড’ তুলিৰাম ৰংহাং, সাংসদ হৰেণ ছিং বে, বিধায়ক বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙো অৰুণোদয় অভিলাষী আঁচনিৰ সম্পৰ্কে ভাষণ আগবঢ়ায়। সভাত কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ’ৰ উপৰি পৰিষদৰ কেইবাজনো কাৰ্যবাসী সদস্য, সদস্যৰ উপৰি ডিফু নগৰৰ সামাজিক সংগঠনৰ প্ৰতিনিধি সকল উপস্থিত থাকে।













