ASSAM TIMES POST
নগাঁও : নগাঁৱৰ অগ্ৰণী চিত্ৰ-ভাস্কৰ্য প্ৰতিষ্ঠান আনুপূৰ্বিক চিত্ৰ ভাস্কৰ্য বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ দাসে “ড: আম্বেদকাৰ কলাশ্ৰী ৰাষ্ট্ৰীয় সন্মান ২০১৯” লাভ কৰিবলৈ সক্ষম হৈছে। “ভাৰতীয় দলিত সাহিত্য একাডেমি “নামৰ সংগঠনটোৱে অলপতে দিল্লীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিত্ৰ শিল্পী ৰাজীৱ দাসক এই সন্মান প্ৰদান কৰে।
এই সন্মানত আছে মানপত্ৰ , স্মাৰক , উমাল বস্ত্ৰ আৰু বিভিন্ন উপহাৰ।উল্লেখ্য যে পাঞ্জাৱ, কৰ্ণাটক, কলকতা,ঝাড়খন্ড,মুম্বাই, তামিলনাডুকে ধৰি বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক দিশত ভিন ভিন ক্ষেত্ৰত পাৰৰ্দশিতা দেখুওৱা মুঠ আঠ জন ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়।
নগাঁও চহৰৰ পানীগাঁও নেতাজী পথ নিবাসী তথা আনুপূৰ্বিক চিত্ৰ ভাস্কৰ্য বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰাজীৱ দাসে “ড: আম্বেদকাৰ কলাশ্ৰী ৰাষ্ট্ৰীয় সন্মান ২০১৯” লাভ কৰাৰ উপৰিও ইয়াৰ পূৰ্বে ড: আম্বেদকাৰ ফেলোশ্বিপ বঁটা ,নন্দশ্ৰী বঁটা, ৰাষ্ট্ৰীয় শিখৰ সন্মান, বেষ্ট নেশনেল চেন্টাৰ ইনৰ্ছাজ বঁটা, চিত্ৰকৃৎ বঁটা,জাতীয় ফটোগ্ৰাফী বঁটা,নেশ্যনেল অ’নাৰ আটিষ্ট এওৰ্ৱাড আদিকে ধৰি বিভিন্ন সন্মান লাভ কৰি অসম তথা নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।