বহু প্ৰত্যাশিত ছলমানৰ ছবি “ডবংগ ৩” য়ে মুক্তিৰ প্ৰথমটো দিনাই লাভ কৰিলে ২৪.৫০ কোটি টকা। ছবি সমালোচক তথা দৰ্শকৰ মিশ্ৰিত ধাৰণা থকা এই ছবিখনে মুক্তিৰ দিনাই ৪০ কোটি টকা লাভ কৰাৰ এক পৰ্যালোচনা কৰা হৈছিল যদিও সেই অংক লাভ কৰিবলৈ সক্ষম নহ’ল অভিনেতা ছলমান খানৰ “ডবংগ ৩” য়ে।

“ডবংগ ৩” যদিও ৪০ কোটি টকাৰ শাৰীত অন্তৰ্ভূক্ত হ’ব নোৱাৰিলে তথাপিও এই ছবিখনে ছলমানৰ পূৰ্বৰ মুঠ ৮ খন ছবিৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়। ছবি সমালোচক তৰণ আদৰ্শে এই বিষয়ে এক পোষ্ট ইনষ্টাগ্ৰাম যোগে পোষ্ট কৰি দৰ্শকক জানিবলৈ দিয়ে।
https://www.instagram.com/p/B6U_ytNFhQ9/?utm_source=ig_web_copy_link
https://twitter.com/taran_adarsh/status/1208303399868850176
“ডবংগ ৩” ত “চুলবুল পাণ্ডে” ক বয়সতকৈ কম চৰিত্ৰত দেখুওৱা হৈছে।












