ASSAM TIMES POST
নগাঁও : নাগৰিকত্ব সংশোধনী আইনে অসমীয়া জাতিৰ কিমান ক্ষতি কৰিব বা আইনখনক লৈ উদ্ভৱ হোৱা পৰিস্হিতিয়ে সৰ্বসাধাৰণ অথবা চৰকাৰৰ কিমান ক্ষতি কৰিলে সেয়া একাংশ ব্যৱসায়ীৰ বাবে যেন বিচাৰ্যৰ বিষয় নহয় ।
সেই সকল ব্যৱসায়ী এতিয়া ব্যস্ত নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা অচলাৱস্হাৰ সময়ত নিজৰ প্ৰতিষ্ঠান বন্ধ হৈ থকাত হোৱা ক্ষতি পূৰণ কৰাৰ বাবে । নাগৰিকত্ব সংশোধন আইন বিৰোধী আন্দোলনৰ বাবে চাৰিদিন সম্পূৰ্ণৰূপে অচল হৈ পৰিছিল অসম। বন্ধ হৈ পৰিছিল চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।
প্ৰতিবাদৰ সময়ছোৱাত অসমৰ ব্যৱসায়ী সকল বৃহৎ লোকচানৰো সন্মুখীন হৈছিল। পৰিৱেশ শান্ত হোৱাৰ পিছত পুনৰ খোল খাইছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। বন্ধৰ সময়ছোৱাত লোকচানৰ সন্মুখীন হোৱা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে ক্ষতিপূৰণৰ বাবে লৈছে এক নতুন কৌশল।
কেতবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানে বাতিল কৰিছে কৰ্মচাৰীৰ সপ্তাহৰ দেওবাৰ বা আনদিনত পোৱা এটা দিনৰ ছুটী। নগাঁৱৰ মাৰুটি চুজুকিৰ ডিলাৰ আৰ ডি মটৰছে ২২, ২৯ ডিচেম্বৰ আৰু ৫, ১২ জানুৱাৰীত খোলা ৰাখিব ব্যৱসায়িক প্ৰতিষ্ঠান। ইতিমধ্যে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে এইকেইটা দিনত কৰ্মচাৰীয়ে সম্পূৰ্ণ দিনটো কাম কৰাৰ নিৰ্দেশনাও জাৰি কৰিছে।
জানিব পৰামতে একাংশ কৰ্মচাৰীয়ে ১৫ ডিচেম্বৰত বন্ধৰ দিনত কাম কৰাৰ পিছত আজিৰ দেওবাৰৰ দিনটোত কাম কৰে । এই কৰ্মচাৰীসকলে বিৰতি বিহীন ভাবে কাম কৰিব লাগিব তিনি সপ্তাহ ।অৱশ্যে কি কাৰণত আৰ ডি মটৰচে এই সিদ্ধান্ত লৈছে অথবা নিৰ্দেশনা জাৰি কৰিছে সেয়া স্পষ্ট কৰা নাই যদিও এয়া “কা” বিৰোধী আন্দোলনৰ প্ৰতিক্ৰিয়া বুলিয়ে চৰ্চিত হৈছে ।