ASSAM TIMES POST
নিউজ ডেক্সঃ সমগ্ৰ দেশতে অব্যাহত ‘কা’ বিৰোধী প্ৰতিবাদ৷ এই প্ৰতিবাদ অসমৰ লগতে উত্তৰ প্ৰদেশ, কৰ্ণাটক, পশ্চিম বংগ আদি দেশৰ কেইবাখনো ৰাজ্যত অব্যাহত আছে৷ আনহাতে কৰ্ণাটকত ‘কা’ বিৰোধী প্ৰতিবাদত দুজনকৈ লোক নিহত হয়৷ যোৱা ১৯ ডিচেম্বৰত আৰক্ষীয়ে চলোৱা গুলী চালনাত জলীল (৪৩) আৰু নৌচিন (৪৯) নামৰ লোক দুজন আহত হয়৷ আহত লোক দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ কিন্তু চিকিৎসাধীন অৱস্থাত লোক দুজনৰ মৃত্যু হয়৷ এই নিহত লোক দুজনৰ পৰিয়াললৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই ১০ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে।












