ASSAM TIMES POST
কোনো কাৰণতে স্তিমিত নহয় ‘কা’ বিৰোধী আন্দোলন:ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ সংবাদ মেল
অসমক জনজাতি ৰাজ্যৰ মৰ্য্যদা প্ৰদানৰ লগতে বছৰি তিনি হাজাৰ কোটি আহোম জনগোষ্ঠীক দিয়াৰ দাবী টাইপাৰ
ডিব্ৰুগড় : ৰাজ্যৰ বচা বচা জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰি আন একাংশক ইয়াৰ পৰা সমূলঞ্চে বঞ্চিত কৰি আচলতে অসমৰ সাম্প্ৰতিক সময়ৰ ‘কা’ বিৰুধী আন্দোলনক স্থিমিত কৰাৰ এক কৌশল ৰচনা কৰিছে ৰাজ্য চৰকাৰে।ৰাজ্যৰ জনগোষ্ঠী সমূহৰ মাজত ভাগ ভাগ কৰি,এক বিভেদৰ সৃষ্টি কৰি,ভাতৃ সংঘাটৰ দৰে পৰিস্থিতিলৈ থেলি দি এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা আন্দোলন মষিমূৰ কৰাৰ ৰাজ্য চৰকাৰৰ এক নিকৃষ্ট কুটকৌশল।
ৰাজ্যৰ তিনি জনগোষ্ঠীলৈ স্বায়ত্ত শাসনৰ ব্যৱস্থা ঘোষণা কৰাৰ পাছতে এই প্ৰতিক্ৰিয়া আহোম জনগোষ্ঠীয় সংগঠন তাই আহোম যুৱ পৰিষদৰ।আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লুহিত গগৈৰ লগতে জিলাৰ ৰানা ৰঞ্জন গগৈ আৰু দিপাংকৰ দুৱৰাৰ উপস্থিতিত ৰাজ্যিক সম্পাদক দ্বিপজ্যোতি দুৱৰাই কয় যে-নাগৰিকত্ব সংশোধনী বিধেয়েকক লৈ সমগ্ৰ দেশ তথা অসমত ভয়াবহ পৰিস্থিতি অব্যাহত থকাৰ সময়তে বৰ অসমৰ বীজ ৰূপন কৰা অসমৰ অন্যতম জনগোষ্ঠী,আহোম সকলক ৰাজ্য চৰকাৰে স্বায়ত্ত শাসন প্ৰদানৰ পৰা বিৰত থৈ উপসাহ কৰিব বিচাৰিছে।
আছলতে এই ‘কা’ বিৰোধী আন্ধোলন স্থিমিত কৰিবলৈ একাংশ জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰি একাংশক বঞ্চিত কৰিছে।চৰকাৰে ৰাজ্যৰ মৰাণ,মটক আৰু কোচ জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰাৰ বিপৰীতে তাই আহোমক বঞ্চিত কৰি জনজাতিটোলৈ কেৱল ২৫০ কোটি টকাহে ঘোষণা কৰাৰ বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাইপাৰ ৰাজ্যিক সম্পাদক দ্বিপজ্যোতি দুৱৰাই কয় যে ৰাজ্যত বসবাস কৰা প্ৰায় ৪৫ লাখ লোক আহোম জনগোষ্ঠীৰ।
তেনে ক্ষেত্ৰত ২৫০ কোটি টকাৰে জনগোষ্ঠীটোৰ একো উন্নয়ন সম্ভব নহয়।তাৰ বিপৰীতে জনগোষ্ঠীটোক প্ৰতি বছৰে ৩০০০ হাজাৰ কোটিকৈ অনুদান দিলেহে আগন্তুক সময়ত চৰকাৰৰ সতে আলোচনাৰ বাবে চিন্তা কৰা হ’ব বুলি আজিৰ সংবাদমেলত জানিবলৈ দিয়ে।
অবশ্যে তিনি জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰাক লৈ সেই জনগোষ্ঠী সমূহলৈ একো বিৰুধীতা নাই চৰকাৰৰ কুট কৌশলৰ বিৰুদ্ধেহে সন্তুষ্ট নহয় তাইপা বুলি উল্লেখ কৰে দুৱাৰই।
লগতে ‘কা’ বিৰোধী স্থিতি অব্যাহত থাকিব বুলিও সঁকিয়াই দিয়ে তেওঁ।সমগ্ৰ দেশৰ লগতে অসমত এই ‘কা’ ৰ বিৰুদ্ধে সবল প্ৰতিবাদ হৈ থকাৰ সময়তে ৰাজ্য চৰকাৰে সুযোগ গ্ৰহণ কৰি অসমৰ জনগোষ্ঠী সমূহৰ মাজত এই স্বায়ত্ত শাসনৰ জড়িয়তে বিভেদৰ বীজ ৰূপণ কৰিছে।
কেৱল তিনিটা জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰিলে নহ’ব বুলি সংবাদমেলত ৰাজ্য চৰকাৰক সঁকিয়াই দি আহোমৰ লগতে আটাইকেইটা জনগোষ্ঠীকে স্বায়ত্ব শাসন ব্যৱস্থা দিবলৈ কঠোৰভাবে দাবী জনায় টাইপাই।লগতে অসমক সম্পূৰ্ণ জনজাতীয় ৰাজ্যৰ মৰ্য্যদা প্ৰদান কৰিবলৈকো দাবী জনায় সংগঠনটোৱে।সংবাদমেলত, এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰা আন্দোলনকাৰী তথা কৃষক নেতা অখিল গগৈ আৰু আলফাৰ যুদ্ধ বিৰতি গোটৰ নেতা জিতেন দত্তৰ লগতে চক্ৰান্তগত ভাৱে গোচৰ দি গণতান্ত্ৰিক আন্দোলনত নামি পৰা নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি,বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনাই সদৌ অসম টাই আহোম যুব পৰিষদে।
জনজাতিকৰণ আৰু স্বায়ত্ব শাসন টাই আহোম জনগোষ্ঠীৰ জন্মস্বত্ব অধিকাৰ বুলি কৈ চৰকাৰৰ প্ৰলোভনৰ ৰাজনীতিত টাই আহোম জনগোষ্ঠীয়ে ভৰি নিদিয়ে বুলি স্পষ্ট কৰি সংবাদ মেলত আহোম জনগোষ্ঠীয় সংগঠন টাই আহোম যুৱ পৰিষদে ‘কা’ বিৰোধী আন্দোলন কোনো কাৰণতে বন্ধ নহয় বুলি স্পষ্টভাবে ঘোষণা কৰে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লুহিত গগৈয়ে।
অসমীয়া জাতি গঠনৰ বাবে সৰ্বস্ব ত্যাগ কৰা আহোম জনগোষ্ঠীক উপঢৌকন দি পুতৌ কৰাৰ চেষ্টা নকৰিবলৈও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰে সংগঠনৰ ৰাজ্যিক সম্পাদক দ্বিপজ্যোতি দুৱৰাই।
ইফালে
দ্বীপজ্যোতি দুৱাৰাই জনোৱাৰ মতে সমগ্ৰ ৰাজ্যতে আৰক্ষীৰ পৰা টাইপাৰ নেতালৈ ভাবুকি আহিছে,থানালৈ মাতি টাইপাৰ নেতাক বিভিন্ন ধাৰাত গোচৰ দি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি আহিছে ।
দ্বীপ জ্যোতিয়ে কয় কেৱল ডিব্ৰুগড়ৰেই অসমৰ বিভিন্ন ঠাইত তাইপাৰ নেতাৰ বিৰুদ্ধে গোচৰ তৰি জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি আহিছে আৰক্ষী প্ৰশাসন পৰা কা বিৰুধী আন্দোলনৰ মাজতে।আনকি ডিব্ৰুগড়তেই এনেকুৱা হৈছে,সময় আহিলে তথ্য সহকাৰে প্ৰকাশ কৰিব বুলিও কয় দুৱাৰই।ইফালে বিজেপি নেতাৰ বিৰুদ্ধেও সংবাদ মাধ্যমৰ আগত বিৰূপ মন্তব্য নকৰিবলৈ একাংশ বিজেপি নেতাৰ পৰা ভাবুকি পোৱা গৈছে বুলি বিস্ফোৰক মন্তব্য কৰে।