ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

একাংশক স্বায়ত্ব শাসিত পৰিষদ দি জনগোষ্ঠী মাজত বিভাজনৰ ৰাজনীতিৰে কা বিৰুধী আন্দোলন স্থিমিত কৰাৰ কৌশল চৰকাৰৰ: টাইপা

ASSAM TIMES POST by ASSAM TIMES POST
December 22, 2019
Reading Time: 1 min read
A A
0
একাংশক স্বায়ত্ব শাসিত পৰিষদ দি জনগোষ্ঠী মাজত বিভাজনৰ ৰাজনীতিৰে কা বিৰুধী আন্দোলন স্থিমিত কৰাৰ কৌশল চৰকাৰৰ: টাইপা

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

কোনো কাৰণতে স্তিমিত নহয় ‘কা’ বিৰোধী আন্দোলন:ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ সংবাদ মেল
অসমক জনজাতি ৰাজ্যৰ মৰ্য্যদা প্ৰদানৰ লগতে বছৰি তিনি হাজাৰ কোটি আহোম জনগোষ্ঠীক দিয়াৰ দাবী টাইপাৰ

ডিব্ৰুগড় : ৰাজ্যৰ বচা বচা জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰি আন একাংশক ইয়াৰ পৰা সমূলঞ্চে বঞ্চিত কৰি আচলতে অসমৰ সাম্প্ৰতিক সময়ৰ ‘কা’ বিৰুধী আন্দোলনক স্থিমিত কৰাৰ এক কৌশল ৰচনা কৰিছে ৰাজ্য চৰকাৰে।ৰাজ্যৰ জনগোষ্ঠী সমূহৰ মাজত ভাগ ভাগ কৰি,এক বিভেদৰ সৃষ্টি কৰি,ভাতৃ সংঘাটৰ দৰে পৰিস্থিতিলৈ থেলি দি এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা আন্দোলন মষিমূৰ কৰাৰ ৰাজ্য চৰকাৰৰ এক নিকৃষ্ট কুটকৌশল।

ৰাজ্যৰ তিনি জনগোষ্ঠীলৈ স্বায়ত্ত শাসনৰ ব্যৱস্থা ঘোষণা কৰাৰ পাছতে এই প্ৰতিক্ৰিয়া আহোম জনগোষ্ঠীয় সংগঠন তাই আহোম যুৱ পৰিষদৰ।আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লুহিত গগৈৰ লগতে জিলাৰ ৰানা ৰঞ্জন গগৈ আৰু দিপাংকৰ দুৱৰাৰ উপস্থিতিত ৰাজ্যিক সম্পাদক দ্বিপজ্যোতি দুৱৰাই কয় যে-নাগৰিকত্ব সংশোধনী বিধেয়েকক লৈ সমগ্ৰ দেশ তথা অসমত ভয়াবহ পৰিস্থিতি অব্যাহত থকাৰ সময়তে বৰ অসমৰ বীজ ৰূপন কৰা অসমৰ অন্যতম জনগোষ্ঠী,আহোম সকলক ৰাজ্য চৰকাৰে স্বায়ত্ত শাসন প্ৰদানৰ পৰা বিৰত থৈ উপসাহ কৰিব বিচাৰিছে।

আছলতে এই ‘কা’ বিৰোধী আন্ধোলন স্থিমিত কৰিবলৈ একাংশ জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰি একাংশক বঞ্চিত কৰিছে।চৰকাৰে ৰাজ্যৰ মৰাণ,মটক আৰু কোচ জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰাৰ বিপৰীতে তাই আহোমক বঞ্চিত কৰি জনজাতিটোলৈ কেৱল ২৫০ কোটি টকাহে ঘোষণা কৰাৰ বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাইপাৰ ৰাজ্যিক সম্পাদক দ্বিপজ্যোতি দুৱৰাই কয় যে ৰাজ্যত বসবাস কৰা প্ৰায় ৪৫ লাখ লোক আহোম জনগোষ্ঠীৰ।

তেনে ক্ষেত্ৰত ২৫০ কোটি টকাৰে জনগোষ্ঠীটোৰ একো উন্নয়ন সম্ভব নহয়।তাৰ বিপৰীতে জনগোষ্ঠীটোক প্ৰতি বছৰে ৩০০০ হাজাৰ কোটিকৈ অনুদান দিলেহে আগন্তুক সময়ত চৰকাৰৰ সতে আলোচনাৰ বাবে চিন্তা কৰা হ’ব বুলি আজিৰ সংবাদমেলত জানিবলৈ দিয়ে।

অবশ্যে তিনি জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰাক লৈ সেই জনগোষ্ঠী সমূহলৈ একো বিৰুধীতা নাই চৰকাৰৰ কুট কৌশলৰ বিৰুদ্ধেহে সন্তুষ্ট নহয় তাইপা বুলি উল্লেখ কৰে দুৱাৰই।

লগতে ‘কা’ বিৰোধী স্থিতি অব্যাহত থাকিব বুলিও সঁকিয়াই দিয়ে তেওঁ।সমগ্ৰ দেশৰ লগতে অসমত এই ‘কা’ ৰ বিৰুদ্ধে সবল প্ৰতিবাদ হৈ থকাৰ সময়তে ৰাজ্য চৰকাৰে সুযোগ গ্ৰহণ কৰি অসমৰ জনগোষ্ঠী সমূহৰ মাজত এই স্বায়ত্ত শাসনৰ জড়িয়তে বিভেদৰ বীজ ৰূপণ কৰিছে।

কেৱল তিনিটা জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰিলে নহ’ব বুলি সংবাদমেলত ৰাজ্য চৰকাৰক সঁকিয়াই দি আহোমৰ লগতে আটাইকেইটা জনগোষ্ঠীকে স্বায়ত্ব শাসন ব্যৱস্থা দিবলৈ কঠোৰভাবে দাবী জনায় টাইপাই।লগতে অসমক সম্পূৰ্ণ জনজাতীয় ৰাজ্যৰ মৰ্য্যদা প্ৰদান কৰিবলৈকো দাবী জনায় সংগঠনটোৱে।সংবাদমেলত, এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰা আন্দোলনকাৰী তথা কৃষক নেতা অখিল গগৈ আৰু আলফাৰ যুদ্ধ বিৰতি গোটৰ নেতা জিতেন দত্তৰ লগতে চক্ৰান্তগত ভাৱে গোচৰ দি গণতান্ত্ৰিক আন্দোলনত নামি পৰা নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি,বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনাই সদৌ অসম টাই আহোম যুব পৰিষদে।

জনজাতিকৰণ আৰু স্বায়ত্ব শাসন টাই আহোম জনগোষ্ঠীৰ জন্মস্বত্ব অধিকাৰ বুলি কৈ চৰকাৰৰ প্ৰলোভনৰ ৰাজনীতিত টাই আহোম জনগোষ্ঠীয়ে ভৰি নিদিয়ে বুলি স্পষ্ট কৰি সংবাদ মেলত আহোম জনগোষ্ঠীয় সংগঠন টাই আহোম যুৱ পৰিষদে ‘কা’ বিৰোধী আন্দোলন কোনো কাৰণতে বন্ধ নহয় বুলি স্পষ্টভাবে ঘোষণা কৰে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লুহিত গগৈয়ে।
অসমীয়া জাতি গঠনৰ বাবে সৰ্বস্ব ত্যাগ কৰা আহোম জনগোষ্ঠীক উপঢৌকন দি পুতৌ কৰাৰ চেষ্টা নকৰিবলৈও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰে সংগঠনৰ ৰাজ্যিক সম্পাদক দ্বিপজ্যোতি দুৱৰাই।
ইফালে

দ্বীপজ্যোতি দুৱাৰাই জনোৱাৰ মতে সমগ্ৰ ৰাজ্যতে আৰক্ষীৰ পৰা টাইপাৰ নেতালৈ ভাবুকি আহিছে,থানালৈ মাতি টাইপাৰ নেতাক বিভিন্ন ধাৰাত গোচৰ দি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি আহিছে ।

দ্বীপ জ্যোতিয়ে কয় কেৱল ডিব্ৰুগড়ৰেই অসমৰ বিভিন্ন ঠাইত তাইপাৰ নেতাৰ বিৰুদ্ধে গোচৰ তৰি জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি আহিছে আৰক্ষী প্ৰশাসন পৰা কা বিৰুধী আন্দোলনৰ মাজতে।আনকি ডিব্ৰুগড়তেই এনেকুৱা হৈছে,সময় আহিলে তথ্য সহকাৰে প্ৰকাশ কৰিব বুলিও কয় দুৱাৰই।ইফালে বিজেপি নেতাৰ বিৰুদ্ধেও সংবাদ মাধ্যমৰ আগত বিৰূপ মন্তব্য নকৰিবলৈ একাংশ বিজেপি নেতাৰ পৰা ভাবুকি পোৱা গৈছে বুলি বিস্ফোৰক মন্তব্য কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx