ASSAM TIMES POST
সংবাদ মাধ্যমে এতিয়াও মৌলিক চৰিত্ৰ হেৰুওৱা নাই : জ্যোতিৰ্ময় চক্ৰৱৰ্তী
নগাঁও : নগাঁও চহৰৰ কলঙৰ বাকৰিৰ নেহৰুবালিত ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত ‘ নগাঁও গ্ৰন্হমেলা- ২০১৯ ‘ ত আজি বিয়লি ‘ গণতান্ত্ৰিক চেতনা গঠনত সংবাদ মাধ্যমৰ ভূমিকা ‘ শীৰ্ষক এক মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয় ।
আলোচনা চক্ৰত মুখ্য বক্তা ৰূপে অংশগ্ৰহণ কৰি ৰাজ্যৰ জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে কয় : গণতন্ত্ৰত মতান্তৰ হ’ব পাৰে কিন্তু মনান্তৰ নহয় । সংবাদ মাধ্যম সমাজৰ লগত অতি নিবিড় ভাবে জড়িত । আধুনিক যুগত সংবাদ মাধ্যম পণ্য হৈ পৰিছে । ভাৰতবৰ্ষত এতিয়াও পুঁজিবাদ শক্তিশালী হোৱা নাই । সংবাদ মাধ্যমে এতিয়াও মৌলিক চৰিত্ৰ হেৰুওৱা নাই । তাৰ ফলত এই মাধ্যম সমুহে গণতন্ত্ৰ শক্তিশালী কৰি ৰাখিছে ।
যি কোনো কথাত পুঁজি লাগিবই । বৰ্তমান সংবাদ মাধ্যমত পুঁজিপতিৰ কোটি কোটি টকা বিনিয়োগ হৈ আছে । গতিকে বহু ক্ষেত্ৰত সংবাদ মাধ্যমে বুজাবুজি কৰিব লাগে । সাংবাদিকে ৰাইজক সংবাদ জনোৱাৰ লগতে তাৰ একোটা বিশ্লেষণো দিব পাৰে । চক্ৰৱৰ্তীয়ে আৰু কয় যে সাংবাদিক সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ । সাংবাদিক এজনৰ জ্ঞান আৰু তথ্যৰ কোনো সীমাবদ্ধতা থাকিব নালাগে । সাম্প্ৰতিক সময়ত সংবাদৰ নিৰপেক্ষতাকলৈ বহু আলোচনা হ’লেও বাতৰি কাকতৰ সংবাদ এটা এতিয়াও অধিকাংশ লোকে সত্য বুলিয়ে ভাবে । সাংবাদিক সকল যুগৰ অগ্ৰদূত ।
সাংবাদিকে অধ্যাপকতকৈয়ো বেছি অধ্যয়ন কৰিব লাগে । অসমতো এতিয়া বৃত্তি হিচাপে সাংবাদিকতা গঢ় লৈ উঠিছে । বিশ্বৰ ভিতৰতে বিৰল সংস্কৃতি – সম্পদ অসমত আছে । আমাৰ মানসিকতা গনতান্তিক চেতনাৰে শক্তিশালী । নিৰ্মোহ ভাবে আত্ম সমালোচনা কৰিব লাগিব সংবাদ মাধ্যমে । অসমৰ ইতিহাস সংগ্ৰামেৰে পৰিপূৰ্ণ আৰু সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । আলোচনা চক্ৰত ভাষণ দি বিশিষ্ট সাংবাদিক ড° আবু হানিফাই কয় : সঁচা খৱৰ দিয়াটো আৰু বাতৰিৰ আঁৰৰ বাতৰি দিয়াটো সংবাদ মাধ্যমৰ দায়িত্ব । ৰাইজে কি ক’ব বিচাৰিছে , সমাজ কোনফালে গৈছে সেই তথ্য সংবাদ মাধ্যমে দাঙি ধৰিব লাগে । সমাজক সঠিক পথৰ সন্ধান দিব লাগে । সংবাদ মাধ্যমে জনতাক বিতৰ্কৰ সুবিধা দিব লাাগে । ড: হানিফাই আৰু কয় যে সংশোধিত নাগৰিকত্ব আইনৰ মুকলি আলোচনা সংবাদ মাধ্যমত হ’ব লাগে । সংবাদ মাধ্যমে এখন মঞ্চ নিদিলে গণতান্ত্ৰিক চেতনা কেনেদৰে জাগ্ৰত হ’ব বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে সংবাদ মাধ্যম সমাজৰ আইনা ।
সম্প্ৰতি ছ’চিয়েল মাধ্যম শক্তিশালী হৈছে । ছ’চিয়েল মেডিয়াত নিয়ন্ত্ৰণ নথকাটো সমাজৰ বাবে সুখৰ খবৰ নহয় ।প্ৰসংগ ক্ৰমে তেওঁ সাম্প্ৰতিক পৰিস্হিতি সম্পৰ্কত কয় যে আমি নিজে কাম নকৰা হ’লো । বিদেশীক স্পেচ কোনে দিছে ? আমি কাম নকৰিলে সেইসকলে সুবিধা পাবই ।
আলোচনা চক্ৰখন সঞ্চালনা কৰি জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কবীন বৰাই কয় : সাংবাদিক সকল গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী।মানৱ সভ্যতাৰ বিকাশত জুই আৰু চকাৰ আৱিস্কাৰৰ পিচতে শব্দৰ স্থান।শব্দ ব্ৰহ্মৰ নিয়ন্ত্ৰণৰ যথোচিত ব্যৱস্থা আমি ল’ব লাগিব।দেশৰ চুকে কোণে চলোৱা স্বচ্ছ ভাৰত অভিযানৰ লগতে স্বচ্ছ ভাৰতীয় মন গঢ়াৰো আমি অভিযান চলাব লাগিব।তেওঁ আৰু কয় : স্বাধীনতা লাভৰ ইমান বছৰৰ পিছতো আমি প্ৰকৃতাৰ্থত স্বাধীন হোৱা নাই।লক্ষ লক্ষ দেশবাসীয়ে স্বাধীনতাৰ সপোন ,মুক্তিৰ সপোন দেখিছিল ।
কিন্ত্ত আমি প্ৰকৃততে মুক্তনে বুলি আজি প্ৰশ্ন উত্থাপন হয়। অনুষ্ঠানৰ আঁত ধৰে মুকুল প্ৰসাদ বৰঠাকুৰে । উক্ত অনুষ্ঠানত লেখিকা মৃদুলা ভট্ট শৰ্মাৰ শিশু গ্ৰন্হ ‘ ককালৈ চিঠি ‘ উন্মোচন কৰে কবীন বৰাই । আনহাতে অভিযন্তা মিনাৰা হুছেইনৰ ‘হৃদয়ে যেতিয়া কান্দে’ নামৰ উপন্যাসখনৰ লগতে নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ জোনাক কৃষ্ণ শাণ্ডিল্যৰ ‘ৰেডিঅ’ এক্টিভ’ নামৰ ফিল’চফিকেল উপন্যাসখন উন্মোচন কৰে ড: আবু হানিফাই ।