![]()
বোকাখাততো আজি গোলাঘাট জিলা প্ৰতিষ্ঠা দিৱস (Golaghat District Foundation Day) উদযাপন কৰা হয়। এই উদযাপনৰ সৈতে সংগতি ৰাখি আজি পুৱা ৭ বজাত বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত এক বাইক ৰেলী উলিওৱা হয়। বোকাখাত ৰাজ্যিক পৰিবহণ নিগমৰ বাচ আস্থানৰ পইণ্টৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী ফ্লেগ অৱ কৰে মহকুমাধিপতি চিমী কৰণে।

আনহাতে আজি পুৱা ১০ বজাৰ পৰা বোকাখাত মহকুমা প্ৰশাসন আৰু বোকাখাত স্বাস্থ্য বিভাগৰ যৌথ উদ্যোগত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত এক স্বেচ্ছামূলক ৰক্ত দান শিবিৰৰ আয়োজন কৰা হয়।













