ASSAM TIMES POST
আছিফ আলি
শিৱসাগৰ : শিল্পী সাহিত্যিক সাংবাদিক জনতাই স্পষ্ট কৰিলে-‘কা’ আমি নেমানো।সৰ্বানন্দ সোনোৱালৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই।’কা’ ৰ বিৰূদ্ধে আজি শিৱসাগৰত অনুষ্ঠিত অসমীয়াৰ ৰণধ্বন্নি কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অসমৰ বিশিষ্ট সাহিত্যিক, ভাষাবিদ নাহেন্দ্ৰ পাদুনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতি এই আহ্বান জনায়।
শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত শিৱসাগৰীয়া ৰাইজৰ উদ্যোগত অনুষ্ঠিত এই বিশাল ‘কা’ বিৰোধী গণ প্ৰতিবাদ অনুষ্ঠানৰ পৰা প্ৰতি জন ব্যক্তিয়ে জাতি ধ্বংসী নাকৰিকত্বৰ কলা আইন মানি লোৱা নহব বুলি স্পষ্ট কৰি দিয়ে।অনুষ্ঠানত অংশগ্ৰহণ কৰি উপমন্যু হাজৰিকাই ৪০ বছৰে কৰি থকা ভুল আৰু কৰিব নালাগে বুলি উল্লেখ কৰি ভুৱা নেতাক নাকী লগোৱাৰ পোষকতা কৰে।ভুৱা আৰু প্ৰতাৰক নেতা সকলক শংকিত আৰু নিৰাপত্তা হীন কৰি তুলিব লাগিব বুলি কৈ হাজৰিকাই ‘কা’ বাতিল কৰি সম্পদ আৰু ভূমিৰ অধিকাৰ থলুৱাৰ হাতত প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰে।
প্ৰতিবাদত অংশগ্ৰহণ কৰি মহোময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই বৰ্তমান যুৱ প্ৰজন্মই নেতৃত্ব হীন ভাবেই ‘কা’ ৰ বিৰুদ্ধে ওলাই আহিছে বুলি ব্যক্ত কৰে।বৰ্তমানৰ চৰকাৰক সমালোচনা কৰি অভিনেত্ৰী গৰাকীয়ে ‘কা’ প্ৰণয়ন কৰি অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিব বুলি কোৱা কথা অতি হাস্যকৰ বুলি কয়।আনহাতে বিশিষ্ট সাংবাদিক অজিত ভূঞাই এই আন্দোলন ভাবুকি ভয় দেখুৱাই স্তিমিত কৰাৰ শক্তি চৰকাৰৰ নাই বুলি সকীয়নী দিয়ে।সাংবাদিক অনন্ত স্মিথে আঁতধৰ প্ৰতিবাদী অনুষ্ঠানত জিলা খনৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্রায় ২০ হেজাৰৰো অধিক প্ৰতিবাদী ৰাইজে অংশগ্ৰহণ কৰে আৰু ডবা কোবাই ‘কা’ বাতিল কৰাৰ ৰণ ধ্বন্নি প্ৰদান কৰে।।