ASSAM TIMES POST
নিউজ ডেক্সঃ লালু প্ৰসাদ যাদৱৰ দল জেদিইউ অৰ্থাৎ ৰাষ্ট্ৰীয় জনতা দলে নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে আজি বিহাৰ বন্ধ আহ্বান কৰে৷ ফলত পুৱাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয়৷ প্ৰতিবাদকৰীসকলে হাতত প্লেকাৰ্ড আৰু বেনাৰ লৈ নাগৰিকত্ব আইন প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰে৷ এই প্ৰতিবাদৰ ফলত পথ আৰু ৰে’ল যাতায়াত ব্যাহত হয়৷ প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰাৰ লগতে বহু ৰাজহুৱা সম্পত্তি ধ্বংস কৰে৷ এই প্ৰতিবাদৰ ফলত শিক্ষানুষ্ঠানবোৰ বন্ধ ৰখা হয়৷












