ASSAM TIMES POST
নিউজ ডেক্সঃ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদীসকলৰ ভিতৰত ৫২০০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ এই গ্ৰেপ্তাৰ কৰা লোকসকলে হিংসাত্মক কাৰ্যসূচী গ্ৰহণ কৰিছিল বুলি প্ৰকাশ৷ গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত ৭০৫ জন লোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে৷ আনহাতে ৪৫০০ জন লোকৰ বিৰুদ্ধে শান্তি ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে ৰাজ্যখনলৈ অতিৰিক্ত দুটা নিৰাপত্তা বাহিনীৰ কোম্পানী প্ৰেৰণ কৰা হৈছে৷












