আজি সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ (Lata Mangeshkar) ৯৪ সংখ্যক জন্মবাৰ্ষিকী (94th birth anniversary)। সেই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) কিংবদন্তি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় (Paying tribute)। যোৱা বছৰৰ ৬ ফেব্ৰুৱাৰীত ৯২ বছৰ বয়সত মৃত্যু হয় শিল্পীগৰাকীৰ। ভাৰতীয় সংগীতৰ প্ৰতি শিল্পীগৰাকীৰ অৱদানক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কিংবদন্তিগৰাকীক ‘লতা দিদি’ বুলি সম্বোধন কৰে।
গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰয়াত সংগীতজ্ঞগৰাকীৰ সৰলতা আৰু নম্ৰতাৰ বাবে প্ৰশংসা কৰে।“লতা মংগেশকাৰে ভাৰতীয় সংগীতত স্থায়ী প্ৰভাৱ পেলাইছে। তেওঁৰ আত্মস্পৰ্শী উপস্থাপনে পৃথিৱীৰ মানুহৰ হৃদয়ত গভীৰ আৱেগ জগাই তুলিছিল। যিয়ে আমাৰ সংস্কৃতিত চিৰদিনৰ বাবে এক বিশেষ স্থান দখল কৰি থাকিব।” প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়।
আনহাতে, অমিত শ্বাহে টুইটাৰযোগে লিখিছে, “লতা দিদিয়ে সমগ্ৰ জীৱন ভাৰতীয় সংগীত পৰম্পৰাক বিশ্ব মঞ্চত নতুন উচ্চতালৈ সমৃদ্ধ কৰাৰ বাবে উৎসৰ্গা কৰিছিল। সংগীতৰ শিখৰত উপনীত হোৱাৰ পিছতো ভাৰতীয় সংস্কৃতিৰ শিপাৰ সৈতে যি সৰলতা আৰু নম্ৰতাৰে তেওঁ সংযুক্ত হৈ থাকিল, সেয়া দেশবাসীৰ বাবে এক বিশেষ নিদৰ্শন। ভাৰত ৰত্ন লতা দিদীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি।”
উল্লেখযোগ্য যে শিল্পীগৰাকীক ‘ভাৰতৰ নাইটিংগেল’ হিচাপে প্ৰশংসা কৰা হয়। যিটো ভাৰতীয় সংগীতৰ বাবে অবিস্মৰণীয়। দেশৰ চুকে-কোণে তেওঁৰ কণ্ঠ প্ৰতিধ্বনিত হৈ আছে এতিয়াও। দীৰ্ঘদিনীয়া কেৰিয়াৰত লতা মংগেশকাৰে অসংখ্য বঁটা আৰু সন্মান লাভ কৰিছে। ২০০১ চনত তেওঁ ‘দাদাচাহেব ফালকে’ বঁটা আৰু ‘ভাৰত ৰত্ন’ সন্মান লাভ কৰে।