ASSAM TIMES POST
নতুন দিল্লী : এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ আজি উতপ্ত হৈ পৰে দেশৰ ৰাজধানী নতুন দিল্লী৷ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ পাছত আজি দিল্লীৰ দৰিয়াগঞ্জত আজি এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ ফলত আৰক্ষীয়ে লাঠিচালনা কৰে৷
ইয়াতে বহু প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে৷ আনহাতে ইণ্ডিয়া গেটৰ ওচৰতো প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে৷ দৰিয়াগঞ্জ থানাত উপস্থিত হোৱা অধিবক্তাৰ মতে ৮জন নাবালক আৰু কেইজনমান যুৱকক আৰক্ষীয়ে আটক কৰি থানাত আবদ্ধ কৰি থয়৷ কিন্তু চিকিৎসক, অধিবক্তা আৰু পৰিয়ালৰ লোকক তেওঁলোকৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাই৷
এই লাঠি চালনাত বহু লোক আহত হয়৷ ছ’চিয়েল মিডিয়াৰ ভিডিঅ’ত দেখা মতে আৰক্ষীয়ে দৰিয়াগঞ্জৰ গলিত সোমাই লাঠি চালনা কৰে৷ আৰক্ষীৰ দাবী, শিলগুটি নিক্ষেপ কৰাৰ বাবে লাঠিচালনা কৰা হয়৷ উল্লেখ্য যি যোৱা নিশাৰ পৰাই এই প্ৰতিবাদী গ্ৰহণ কৰা হৈছিল৷
ইপিনে, দণ্ডাধীৰ নিৰ্দেশ মৰ্মে অধিবক্তাৰ সৈতে আটকাধীনসকলক সাক্ষাৎ কৰিবলৈ দিয়া হয়৷ আহতসকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ লগতে নাবালকসকলক মুকলি কৰি দিয়ে৷ দণ্ডাধীশৰ মতে নাবালকসকলক থানাত আটক কৰি ৰখাটো বেআইনী৷
আনহাতে আজি দুপৰীয়া জামা মছজিদৰ ওচৰত এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক সমাবেশ অনুষ্ঠিত হয়৷ ইয়াতে এখন গাড়ীত অগ্নি সংযোগ কৰে৷ আৰক্ষীয়ে ইয়াতো লাঠিচালনা কৰে৷ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো আহত হয়৷ পথচোৱা ৰক্তাক্ত হৈ পৰে৷ পুৰণা দিল্লীতো আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷











