দুগৰাকী ছাত্ৰ-ছাত্ৰীক অপহৰণ আৰু হত্যাৰ পিছত পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ (Manipur Violence) । বুধবাৰে সন্ধিয়া এই অশান্তিৰ ফলস্বৰূপে পাহাৰীয়া জিলা থৌবালৰ বিজেপিৰ কার্যালয়ত আক্রমণ সংঘটিত হয়। কাৰ্যালয়টো ভাঙি-ছিঙি অগ্নিসংযোগ কৰে উত্তেজিত জনতাই। জিলা বিজেপিৰ কাৰ্যালয়ত ৰখাই থোৱা কেইখনমান গাড়ীতো অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, গোষ্ঠী সংহৰ্ষৰ বাবে দুগৰাকী নিৰীহ ছাত্ৰ-ছাত্ৰীক কুকি দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি হত্যা কৰে। ইয়াৰ প্ৰতিবাদত ৰাজধানী ইম্ফলকে ধৰি বিভিন্ন অঞ্চলত মেইটেই সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে। মঙলবাৰৰ পৰা মাজে মাজে আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হয়। ৫০ জনতকৈ অধিক প্ৰতিবাদকাৰী আহত হোৱাৰ অভিযোগ। ফলত উত্তেজনা বৃদ্ধি পাইছে।
ইতিমধ্যে উৰাবাতৰি ৰোধ কৰাৰ বাবে মণিপুৰ চৰকাৰে মঙলবাৰৰ পৰা ইণ্টাৰনেট সেৱাত বাধা আৰোপ কৰিছে। কুকি প্ৰধান পাহাৰীয়া অঞ্চলত আগন্তুক ছমাহলৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বলৱৎ থাকিব বুলি বুধবাৰে ঘোষণা কৰা হয়। অৱশ্যে মেইটেই ক্ষতিগ্ৰস্ত ইম্ফলৰ ১৯খন থানাক ৰেহাই দিয়া হৈছে।