নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অভিনেত্ৰী নয়নতৰাই (Nayanthara) দক্ষিণৰ মনোৰঞ্জন জগতৰ অন্যতম আগশাৰীৰ তাৰকা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ৰজনীকান্ত, কমল হাছান, নাগাৰ্জুনৰ দৰে মহান অভিনেতাৰ সৈতে তেওঁ ‘ছুপাৰষ্টাৰ’ৰ খিতাপ অৰ্জন কৰিছিল। দক্ষিণত নিজৰ ভেটি সুদৃঢ় কৰাৰ পিছত শেহতীয়াকৈ নয়নতৰাই বলীউডত অভিষেক ঘটায়। প্ৰথমখন ছবিতেই তেওঁৰ নায়ক বলীউডৰ কিং শ্বাহৰুখ খান। ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰে এটলীৰ ছবি ‘জাৱান’ (Jawan)।
ছবিখনত দীপিকা পাডুকনৰ উপস্থিতি থকাৰ পাছতো শ্বাহৰুখ আৰু নয়নতৰাৰ কেমিষ্ট্ৰীয়ে দৰ্শক আৰু অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। কিন্তু ছবিখন মুক্তি পোৱাৰ পিছত নয়নতৰা ছবিখনত নিজৰ চৰিত্ৰটোৰ স্ক্ৰীণ টাইমক লৈ অত্যন্ত অসন্তুষ্ট। নয়নতৰাই আনকি নিজৰ চৰিত্ৰটোক উপযুক্ত গুৰুত্ব নিদিয়াৰ বাবে পৰিচালককো যথেষ্ট সমালোচনা কৰিছে। আনকি এই কথাও শুনা গৈছে যে ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে বলীউডৰ আন কোনো ছবিত কাম কৰিব নিবিচাৰে। অভিনেত্ৰীগৰাকীৰ এই অভিযোগৰ ভিত্তিত শ্বাহৰুখে এইবাৰ নিজে মুখ খুলিবলৈ বাধ্য হৈছে।
শেহতীয়াকৈ শ্বাহৰুখক ছচিয়েল মিডিয়া পেজত এজন অনুৰাগীয়ে প্ৰশ্ন কৰিছে যে ছবিখনত তেওঁৰ আৰু নয়নতৰাৰ কন্যা ছুজিৰ সমীকৰণ তেওঁ ভাল পাইছে। কেৱল সেয়াই নহয়, নয়নতৰাৰ চৰিত্ৰ নৰ্মদাক ‘একক মাতৃ’ হিচাপে যিদৰে চিত্ৰিত কৰা হৈছে, তাৰ প্ৰশংসাও কৰিছে অনুৰাগীগৰাকীয়ে।
অনুৰাগীজনক উত্তৰ দি শ্বাহৰুখে কয়, “নৰ্মদাৰ চৰিত্ৰটো মোৰো বৰ ভাল লাগিছিল। দুৰ্ভাগ্যজনকভাৱে ছবিখনৰ প্ৰসংগটোৰ বাবে ভূমিকাটো অলপ কমাই দিবলগা হৈছে। যাৰ ফলত পৰ্দাৰ সময় কমিছে নৰ্মদাৰ। কিন্তু চৰিত্ৰটো সঁচাকৈয়ে অসাধাৰণ আছিল।” কিন্তু শ্বাহৰুখে নয়নতৰাৰ অভিমান ভংগ কৰাৰ উদ্দেশ্যে ছচিয়েল মিডিয়া পেজত প্ৰশংসা কৰিছে নেকি? নেটিজেনসকলেও তেনেকুৱাই ভাবে।